ETV Bharat / state

6 জনকৈ জনপ্ৰতিনিধিৰ অন্তৰ্গত ধিং-মৰিগাঁও সংযোগী পথৰ দুৰৱস্থা

author img

By

Published : Mar 2, 2020, 12:18 PM IST

সমষ্টিৰ উন্নয়নৰ কথা পাহৰি বিতর্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকা মন্ত্ৰী, সাংসদসকলক ধিক্কাৰ দিছে সমষ্টিবাসীয়ে ।

ধিং-মৰিগাঁও সংযোগী পথৰ দুৰৱস্থা
ধিং-মৰিগাঁও সংযোগী পথৰ দুৰৱস্থা

ধিং, 2 মাৰ্চঃ ১৫ বছৰ পূৰ্বে নিৰ্মাণ হোৱা এখন দলঙৰ দুয়োপাৰৰ পথছোৱাৰ অৱস্থা অতিকৈ শোচনীয় ৷ ধিং-মৰিগাঁও সংযোগী গড়কাপ্তানী পথটো পকীকৰণ নোহোৱাৰ বাবেই বিগত ১৫ বছৰে জমৰ যাতনা ভুগি আহিছে যাত্ৰীৰ লগতে স্থানীয় ৰাইজে । কিন্তু ইয়াক লৈ কোনো কাণসাৰ নাই স্থানীয় বিধায়ক আমিনুল ইছলাম আৰু সাংসদ গৌৰৱ গগৈৰ ।

ধিং-মৰিগাঁও সংযোগী পথৰ দুৰৱস্থা

উল্লেখ্য যে ধিং-মৰিগাঁও সংযোগী এই গড়কাপ্তানী পথটো চাৰিজনকৈ জনপ্ৰতিনিধি ক্ৰমে বিধায়ক আমিনুল ইছলাম , আঙুৰলতা ডেকা, ড0 নজৰুল ইছলাম আৰু ৰমাকান্ত দেউৰীৰ সমষ্টিৰ অন্তৰ্গত । ইয়াৰোপৰি কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈ আৰু নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সমষ্টিৰ এলেকাধীন । ছয়জনকৈ জনপ্ৰতিনিধি থকাৰ স্বত্বেও যাতায়াতৰ ক্ষেত্ৰত প্ৰতিদিনে দুৰ্ভোগ ভুগি আহিছে ৰাইজে ৷

লগতে পঢ়কঃ তিনিচুকীয়াত লিংকমেন সহ আটক আলফা স্বাধীনৰ কেডাৰ

সমষ্টিৰ উন্নয়নৰ কথা পাহৰি বিতর্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকা মন্ত্ৰী, সাংসদসকলক ধিক্কাৰ দিছে সমষ্টিবাসীয়ে । ইয়াৰোপৰি, আগন্তুক বাৰিষাৰ আগতে এই জৰাজীৰ্ণ পথটো মেৰামতি তথা পকীকৰণ কৰি যাতায়াতৰ বাবে সুচল কৰি তুলিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে ভূক্তভোগী ৰাইজে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.