নগাঁও, ২৬ মাৰ্চঃ নগাঁওত দলে-বলে গৈ মনোনয়ন দাখিল কংগ্ৰেছী প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ ৷ দলটোৰ সভাপতিৰিপুন বৰা আৰু ৰকিবুল হুছেইনক লগত লৈ নগাঁও উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে বৰদলৈয়ে ৷মনোনয়ন দাখিল কৰাৰ পাচতেই সাংবাদিকৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷ দলীয় সমৰ্থক তথা ৰাইজৰ স্ৰোত দেখি প্ৰাৰ্থীগৰাকী অভিভূত বুলি মন্তব্য কৰে ৷ জনসাধাৰণৰ উষ্ম আদৰণিয়ে তেওঁক পৰৱৰ্তী সময়ত সহায় কৰিব বুলি প্ৰকাশ কৰে বৰদলৈয়ে ৷
প্ৰদ্যুৎ বৰদলৈৰ সংগ দিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই সমালোচনাৰে থকা-সৰকা কৰিলেএ আই ইউ ডি এফ দলক ৷ দলটোৰ বহু নেতা কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিছে আৰু লোকসভা নিৰ্বাচনৰ বাবে দলটোৱে যোগ্য প্ৰাৰ্থী বিচাৰি পোৱা নাই বাবে প্ৰাৰ্থী প্ৰদান কৰিব পৰা নাই বুলি প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ আনহাতে, ৰকিবুল হুছেইনেশিয়ালৰ সাধুৰেসাংবাদিকৰ আগত হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থীত্ব নোপোৱাৰ কাৰণ ব্যাখ্যা কৰে ৷দৰঙ আৰু নগাঁও জিলা পৰিষদত এ আই ইউ ডি এফৰ সহায় লৈ বিজেপিয়ে জিলা পৰিষদ গঠন কৰিছিল বুলি উল্লেখ কৰি বিজেপি আৰু এ আই ইউ ডি এফক ভাই-ককাইৰ দল বুলি কয় ৰকিবুল হুছেইনে ৷