ETV Bharat / state

কংগ্ৰেছে বহুদিন পূৰ্বেই অসম ধ্বংস কৰিছে: বিধায়ক উৎপল বৰা

author img

By

Published : Feb 16, 2021, 12:11 PM IST

সোমবাৰে নগাঁৱৰ খুটিকটীয়া ৰাস ফিল্ডত অনুষ্ঠিত হয় ভাৰতীয় জনতা দলৰ পৃষ্ঠা প্ৰমুখ সন্মিলনী ৷ এই সন্মিলনতে বিধায়ক উৎপল বৰাই কটাক্ষ কৰিলে প্ৰধান বিৰোধী দল কংগ্ৰেছক ৷ কংগ্ৰেছে বহুদিন পূৰ্বেই অসম ধ্বংস কৰাৰ পিছত এতিয়া অসম বচাও কাৰ্যসূচীৰ কোনো যুক্তি নাই বুলিও মন্তব্য কৰে বিধায়ক উৎপল বৰাই ৷

বিজেপিৰ পৃষ্ঠপ্ৰমুখ সন্মিলনী
বিজেপিৰ পৃষ্ঠপ্ৰমুখ সন্মিলনী

নগাঁও,16 ফেব্ৰুৱাৰীঃ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দল-সংগঠনৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা ৷ সকলো ৰাজনৈতিক দল-সংগঠনে নিৰ্বাচনী ৰণডংকা বজাবলৈ সাজু হৈছে ৷ আনহাতে, ৰাজনৈতিক সভা-সমিতিয়ে আৰম্ভ হৈছে ৰাজনৈতিক নেতাৰ বাক-যুদ্ধ ৷ সোমবাৰে নগাঁৱৰ খুটিকটীয়া ৰাস ফিল্ডত অনুষ্ঠিত হয় ভাৰতীয় জনতা দলৰ পৃষ্ঠা প্ৰমুখ সন্মিলনী ৷ এই সন্মিলনতে বিধায়ক উৎপল বৰাই কটাক্ষ কৰিলে প্ৰধান বিৰোধী দল কংগ্ৰেছক ৷ কংগ্ৰেছে বহুদিন পূৰ্বেই অসম ধ্বংস কৰাৰ পিছত এতিয়া অসম বচাও কাৰ্যসূচীৰ কোনো যুক্তি নাই বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

কংগ্ৰেছে বহু দিন পূৰ্বেই অসম ধ্বংস কৰিছেঃ বিধায়ক উৎপল বৰা

উল্লেখ্য যে, এই পৃষ্ঠা প্ৰমুখ সন্মিলনত নগাঁও সদৰ বিধানসভা সমষ্টিত নিযুক্তি দিয়া ২,৬১১ গৰাকী পৃষ্ঠা প্ৰমুখ উপস্থিত থাকে ৷ এই সভাৰ পৰাই বিজেপি চৰকাৰৰ দিনত হোৱা উন্নয়নমূলক কামৰ বিষয়ে তৃণমূল পৰ্যায়ত প্ৰচাৰ কৰিবলৈ পৃষ্ঠা প্ৰমুখসকলক আহ্বান জনায় বিধায়ক উৎপল বৰাই ।

আনহাতে, বিজেপি চৰকাৰখনে কৰা উন্নয়নমূলক কামৰ বাবেই নগাঁও সদৰ সমষ্টিত পূৰ্বতকৈও অধিক ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী জয়ী হ’ব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়কঃ পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মিত ৰাজহুৱা শৌচাগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.