নগাঁও, 6 এপ্ৰিলঃ নগাঁৱৰ চামগুৰিৰ ৰঙাগড়াত নিশা এম্বুলেঞ্চলৈ লক্ষ্য কৰি কোনো দুৰ্বৃত্তই শিলগুটি নিক্ষেপ কৰে । এই ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । আন্ধাৰৰ সুযোগলৈ তিনিজন অচিনাক্ত যুৱকে শিলগুটি নিক্ষেপ কৰা বুলি উত্থাপন হৈছে অভিযোগ । এম্বুলেঞ্চখনত ৰোগীৰ লগতে তিনিজনকৈ লোক আছিল যদিও সৌভাগ্যক্ৰমে আহত হোৱাৰ পৰা ৰক্ষা পৰে আটাইকেইজন লোক। দুৰ্বৃত্তৰ দলটোৱে কৰা শিলাবৰ্ষণত যথেষ্ট ক্ষতি সাধন হয় এম্বুলেঞ্চখনৰ । তেজপুৰৰ পৰা নগাঁও অভিমূখে আহি আছিল এম্বুলেঞ্চ খন।
নগাঁৱৰ চামগুৰিত এম্বুলেঞ্চত দুৰ্বৃত্তৰ আক্ৰমণ
নিশা এম্বুলেঞ্চলৈ লক্ষ্য কৰি দুৰ্বৃত্তই নিক্ষেপ কৰিলে শিলগুটি । এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই এজনো দুৰ্বৃত্তক।