ETV Bharat / state

গুজৰাটত আৱদ্ধ অসমৰ কৰ্কট ৰোগীৰ পৰিয়াল - গুজৰাটত আৱদ্ধ অসমৰ কৰ্কট ৰোগীৰ পৰিয়াল

বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে মিন্তু মহালি নামৰ উদমাৰি চাহ বাগিছাৰ লোকজনে গুজৰাটৰ এখন চিকিৎসালয়লৈ লৈ যায় কৰ্কট ৰোগত আক্ৰান্ত পত্নীক । উক্ত চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰি মহিলাগৰাকীৰ ৰোগগ্ৰস্ত বাওঁ ভৰিখন বিচ্ছিন্ন কৰি দিয়াত মিন্তু মহালিৰ পত্নী ক্ৰমাৎ সুস্থহৈ আহিছে বুলি জানিবলৈ দিয়ে পৰিয়ালে ।

Assam cancer patient family blocked in Gujarat
চৰকাৰক সহায়ৰ আহ্বান গুজৰাটত আৱদ্ধ অসমৰ কৰ্কট ৰোগীৰ পৰিয়ালৰ
author img

By

Published : May 10, 2020, 1:53 PM IST

নগাঁও, 9 মে' : পত্নীৰ চিকিৎসাৰ বাবে গৈ গুজৰাটত আৱদ্ধ হৈ আছে চামগুৰিৰ উদমাৰি চাহ বাগিছাৰ এক দম্পতী । বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে মিন্তু মহালি নামৰ উদমাৰি চাহ বাগিছাৰ লোকজনে গুজৰাটৰ এখন চিকিৎসালয়লৈ লৈ গৈছিল কৰ্কট ৰোগত আক্ৰান্ত পত্নীক । উক্ত চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰি মহিলাগৰাকীৰ ৰোগগ্ৰস্ত বাওঁ ভৰিখন বিচ্ছিন্ন কৰি দিয়াত মিন্তু মহালিৰ পত্নী ক্ৰমাৎ সুস্থহৈ আহিছে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।

কিন্তু গুজৰাটৰ পৰা উভতি আহিবলৈ লোৱাৰ সময়তে দেশজুৰি জাৰি হোৱা লক্ ডাউনৰ ফলত গুজৰাটতে আৱদ্ধ হৈ পৰে পৰিয়ালটো । আনহাতে, এখন এম্বুলেঞ্চ যোগাৰ কৰি ঘৰলৈ ঘূৰি আহিবলৈয়ো চৰম আৰ্থিক সংকটৰ সন্মুখীন হৈছে মিন্তু মহালি । উপায়হীন হৈ মিন্তু মহালিয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে অসম চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰীগৰাকীক পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ কাতৰ আহ্বান জনায় ৷

গুজৰাটত আৱদ্ধ অসমৰ কৰ্কট ৰোগীৰ পৰিয়াল

কিন্তু এই পৰ্যন্ত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰ তথা নগাঁও জিলা প্ৰশাসনে। ইফালে মিন্তু মহালিৰ উদমাৰিস্থিত বাসগৃহত থকা একমাত্ৰ পুত্ৰ সন্তানেও আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব ৷ কিন্তু অভিভাৱকৰ অভাৱত পঢ়া-শুনা, থকা-খোৱাৰ ক্ষেত্ৰত চূড়ান্ত বিপাঙত পৰিছে বুলি জানিবলৈ দিয়ে পৰিয়ালটোৰ ওচৰ-চুবুৰীয়াসকলে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.