ETV Bharat / state

শিক্ষকৰ অভাৱৰ মাজতেই ১০০% ফলাফল চৰকাৰী বিদ্যালয়ৰ

কলিয়াবৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত ৯ গৰাকী শিক্ষকৰ বিপৰীতে ৫ গৰাকী শিক্ষকৰ পাঠদান । কিন্তু বিদ্যালয়খনৰ পৰা ১০০ শতাংশ উত্তীৰ্ণৰে সুনাম কঢ়িয়াই আনিলে সমগ্ৰ কলিয়াবৰৰ ৰাইজলৈ । ৯৮% ৰে ৰাজ্যৰ ভিতৰতে খুচুৰা ব্যৱসায় ( Retail Trade) বিষয়ত সৰ্বোচ্চ নম্বৰ দখল কৰিবলৈ সক্ষম হৈছে বিদ্যালয় খনৰ দুগৰাকী ছাত্ৰীয়ে ।

১০০% ফলাফলৰে এখন ব‍্যতিক্ৰমী চৰকাৰী বিদ‍্যালয়
author img

By

Published : May 25, 2019, 7:54 PM IST

নগাঁও, ২৫ মেঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলে ১০০ শতাংশ উত্তীৰ্ণ হ'বলৈ সক্ষম হয় । তাৰোপৰি বিদ্যালয় খনৰ এগৰাকী ছাত্ৰীয়ে অসমৰ ভিতৰতে সৰ্ব্বোচ্চ নম্বৰ পাবলৈ সক্ষম হয় ।

১০০% ফলাফলৰে এখন ব‍্যতিক্ৰমী চৰকাৰী বিদ‍্যালয়

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় খনৰ ছাত্ৰী সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত লুনামণি হাজৰিকাই খুচুৰা ব‍্যৱসায় (Retail Trade) বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ ৯৮% নম্বৰ লাভ কৰি কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে । পৰীক্ষাত অৱতীৰ্ণ হোৱা ১২৫ গৰাকী ছাত্ৰীৰ ভিতৰত ২০ গৰাকী ষ্টাৰ সহ ৬০ গৰাকী ১ম বিভাগত উত্তীৰ্ণ হয়, ৪৮ গৰাকী ২য় বিভাগ আৰু ১৭ গৰাকীয়ে ৩য় বিভাগ লাভ কৰিছে । উল্লেখ্য যে, অসমীয়া, ভূগোল আৰু শিক্ষা বিষয়ৰ বাহিৰে বাকী বিষয়ৰ এজনো শিক্ষক নাই বিগ্যালয় খনত । কলা শাখাৰ মুঠ নজন শিক্ষক পদৰ বিপৰীতে ছ জন শিক্ষকৰ পদেই খালী হৈ আছে বিদ্যালয়খনত । তথাপিতো শিক্ষকৰ সমস্যাৰে ভাৰাক্ৰান্ত কলিযাবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খনৰ শিক্ষাৰ্থী সকলে ১০০% ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । বিদ্যালয়খনৰ অধ্যক্ষ মহেন্দ্ৰ কাকতি আৰু সহকৰ্মী শিক্ষকসকলৰ নিৰবচ্ছিন্ন প্ৰচেষ্টাতাতেই শিক্ষাৰ্থী সকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । এই ফলাফলক লৈ কলিয়াবৰবাসীৰ লগতে শিক্ষক সকল তথা শিক্ষাৰ্থী সকল উৎফুল্লিত হৈ পৰিছে ।

লগতে আন এটা বাতৰি -কলা শাখাত দ্বিতীয় স্থান দখল প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ কৌশিক কছাৰীৰ

Intro:বিষয় শিক্ষকৰ অভাৱৰ মাজতে জিলিকি উঠিল কলিয়াবৰৰ এখন উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়
১০০% ফলাফলৰে এখন ব‍্যতিক্ৰমী চৰকাৰী বিদ‍্যালয়
খুচুৰা ব‍্যৱসায় (Retail Trade) বিষয়ত অসমৰ ভিতৰতে ৯৮% নম্বৰ লাভ কৰি কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে বিদ‍্যালয়ৰ দুগৰাকী ছাত্ৰীয়ে
২০ গৰাকী ছাত্ৰীয়ে লাভ কৰিছে ষ্টাৰ
সামগ্ৰীকভাবে ৬০ গৰাকী ছাত্ৰীয়ে লাভ কৰিছে প্ৰথম বিভাগBody:কলিযাবৰ মহকুমাৰ হাটবৰ স্থিত কলিয়াবৰৰ একমাত্ৰ ছোৱালী উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয় কলিয়াভৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালয়ে সদ‍্য ঘোষিত উচ্চতৰ মাধ‍্যমিক চুড়ান্ত পৰীক্ষাত ঈৰ্ষণীয় সফলতা লাভ কৰিছে। বিদ‍্যালয়ৰ উচ্চতৰ শাখাত কেইবাজনো বিষয় শিক্ষক অবিহনেই এশ শতাংশ সফলতা লাভ কৰিছে। বিদ‍্যালয়খনৰ দুগৰাকী ছাত্ৰী ক্ৰমে মধুস্মিতা বৰা আৰু লুনামণি হাজৰিকাই খুচুৰা ব‍্যৱসায় (Retail Trade) বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ ৯৮% নম্বৰ লাভ কৰি কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লিখিত বিষয়টোত অসমৰ মুঠেই তিনিগৰাকী পৰীক্ষাৰ্থীয়েহে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। মধুস্মিতাই আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ ৮৮% নম্বৰ লাভ কৰিছে‌। আনগৰাকী তৃষ্ণামণি গোহাঁইয়েও ৮৮% নম্বৰ লাভ কৰি যুটীয়াভাৱে বিদ‍্যালয়ৰ পৰা শীৰ্ষস্থান দখল কৰিছে। বিদ‍্যালয়খনৰ এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ১২৫ গৰাকী ছাত্ৰীৰ ২০ গৰাকী ষ্টাৰ সহ ৬০ গৰাকী ১ম বিভাগ, ৪৮ গৰাকী ২য় বিভাগ আৰু ১৭ গৰাকীয়ে ৩য় বিভাগ লাভ কৰিছে। বিদ‍্যালয়খনৰ সামগ্ৰিক ফলাফল –
পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থী – ১২৫
লেটাৰ পোৱা বিষয় সহ ছাত্ৰীৰ সংখ‍্যা –
খুচুৰা ব‍্যৱসায় – ৩৯
ভূগোলত – ৩১
অসমীয়াত – ২৭
তথ‍্য প্ৰযুক্তি – ৯
অৰ্থনীতি – ৪
ইংৰাজী – ২
ৰাজনীতি বিজ্ঞন - ২
উল্লেখযোগ‍্য যে, কলিয়াবৰৰ প্ৰথমখন উচ্চ মাধ‍্যমিক বিদ‍্যালয় বৰ্তমানৰ কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালয় উচ্চ মাধ‍্যমিক কলা শাখাৰ মুঠ নটা পদৰ বিপৰীতে ছটা পদেই খালী আছে। অসমীয়া, ভূগোল আৰু শিক্ষা বিষয়ৰ বাহিৰে বাকী বিষয়ৰ এজনো শিক্ষক নাই। বুৰঞ্জী বিষয় শিক্ষক মহেন্দ্ৰ কাকতি বিদ‍্যলয়খনৰে স্থায়ী অধ‍্যক্ষ নিযুক্তি পোৱাত বুৰঞ্জী বিষয়ৰ পদটিও খালী হৈ পৰিল। ৰাজনীতি বিজ্ঞান বিষয়ৰ শিক্ষক নাই। বিদ‍্যালয়খনৰ শিক্ষকৰ সমস‍্যাৰ বিষয়ে ইতিমধ‍্যে ইটিভি ভাৰতত এক প্ৰতিবেদনো প্ৰকাশ হৈছে। তৎস্বত্তেও অৱসৰপ্ৰাপ্ত শিক্ষক তথা অংশকালীন শিক্ষকৰ সহায়ত বিদ‍্যালয়ৰ পাঠদান কাৰ্য‍্য চলাই বহু ব‍্যক্তিখণ্ড বিদ‍্যালয়ৰ তুলনাত ঈৰ্ষণীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে শিক্ষকৰ সমস‍্যাৰে ভাৰাক্ৰান্ত কলিযাবৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, শিলঘাটৰ বিজ্ঞান শাখাত ১০০% ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। বিদ‍্যালয়খনৰ মুঠ ছয়গৰাকী পৰীক্ষাৰ্থীৰ তিনি গৰাকীয়ে ১ম বিভাগত আৰু আন তিনিগৰকীয়ে ২য় বিভাগত উত্তীৰ্ণ হৈছে। উচ্চতৰ মাধ‍্যমিক বিজ্ঞান শাখাৰ নজন শিক্ষকৰ ঠাইত পাঁচজন শিক্ষকৰেই পাঠদান চলাই নিবলগীয়া হৈছে। ইংৰাজী, অসমীয়া, উদ্ভিদ বিজ্ঞান, ভূগোলৰ পদ বৰ্তমান খালী। পূৰ্বৰ ভূগোল বিষয়ৰ বিষয় শিক্ষক ভূপেন শৰ্মাৰ অধ‍্যক্ষ পদলৈ পদোন্নিত হোৱাত প্ৰশাসনীয় কাৰ্য‍্যৰ হেঁচা এই বিষয়ৰ পাঠদান অব‍্যাহত ৰখাত আহুকালত পৰাৰ পিচত ছাত্ৰ-ছাত্ৰীৰ সংখ‍্যা অভাৱনীয়ভাবে কমি আহিছে। তথাপিও অধ‍্যক্ষ মহেন্দ্ৰ কাকতি আৰু সহকৰ্মী শিক্ষকসকলৰ নিৰবাচ্ছিন্ন প্ৰচেষ্টাৰ এই ফচলক লৈ কলিয়াবৰবাসী উৎফুল্লিত।Conclusion:visual
bites
madhusmita,
linamni
principal 3noes
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.