মৰিগাঁও , 02 মেঃ মৰিগাঁৱত উদ্ধাৰ ভাৰত চৰকাৰক জগৰীয়া কৰি লিখা এখন চুইছাইড নোট ৷ 27 মাহে প্ৰাপ্য দৰমহা নাপায় চৰকাৰী বঞ্চনাৰ বলি হৈ নগাঁও কাগজ কলৰ জেষ্ঠ বিষয়া বিশ্বজিত মজুমদাৰে আত্মহননৰ পথ বাছি লৈছিল ৷
29 এপ্ৰিল অৰ্থাৎ সোমবাৰে কাগজ কলৰ চিনিয়ৰ হোষ্টেলত মজুমদাৰৰ অৰ্দ্ধগলিত মৃতদেহ উদ্ধাৰ হৈছিল ৷ আজি পুৱা উক্ত ৰুমটোতে মজুমদাৰে মৃত্যুৰ বাবে ভাৰত চৰকাৰক জগৰীয়া কৰি লিখা এখন চুইছাইড নোট উদ্ধাৰ হয় ৷ কোঠাটোৰ এটা ফ্ৰীজত এখন উকা কাগজত "I quit GOI is responsible for my death." বুলি চুইছাইড নোটখনত ইংৰাজীত লিখা আছিল ৷ এইটো আত্মহত্যাকে ধৰি নগাঁও কাগজ কালত ইতিমধ্যে 3 টাকৈ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে ৷ কিন্তু ইয়াৰ পাচতো গা লৰা নাই ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ ৷