মৰিগাঁও, 26 এপ্ৰিল : মৰিগাঁও আৰক্ষীৰ থানাৰ অন্তৰ্গত দহ নং ৱাৰ্ডৰ মালপোতাত সোমবাৰে পুৱাৰ ভাগত সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ অচিনাকি বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন 35 বছৰীয়া যুৱকৰ ৷ নিহত যুৱকজন মৰিগাঁৱৰ চাৰি নং ৱাৰ্ডৰ ৰজা গাঁৱৰ বিপুল ডেকা বুলি জানিব পৰা গৈছে ।
উক্ত ঘটনা সম্পৰ্কে ততালিকে স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ সম্পন্ন কৰি পৰিয়ালক গটাই দিয়ে। উক্ত ঘটনাটোৰ বাবে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে ৷