মৰিগাঁও, 31 জুলাইঃ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল নগাঁও হাতিচোং কলেজৰ এজন অধ্যাপক ৷ অধ্যাপক জনৰ নাম ছাইকুল ইছলাম ৷ অৰ্থনীতি বিভাগৰ অধ্যাপক ছাইকুল ইছলামক নগাঁও জিলাৰ কাৱৈমাৰীৰ পৰা মৰিগাঁও আৰক্ষী আৰু মৈৰাবাৰী আৰক্ষীয়ে বৃহস্পতিবাৰে আটক কৰে ৷
চাইফুলক নিশাটো আৰক্ষী জিম্মাত ৰাখি সোধ পোচ কৰাৰ পাচত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৬৮/৪৭১/৪২০/৪০৯/ ৪০৬/৫০৬/ ৩৪ ধাৰাৰ অধীনত ৪০৫/২০ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে মৈৰাবাৰী আৰক্ষীয়ে ৷
উল্লেখ্য যে, অধ্যাপক জনৰ বিৰুদ্ধে আছিল আত্মসাতৰ বহু অভিযোগ ৷ ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামেৰে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ লাখে লাখে ধন আত্মসাৎ কৰাৰ লগতে চাকৰি দয়াৰ প্ৰলোভন দি বহু লোকৰ পৰা সংগ্ৰহ কৰিছিল ধন ৷ ইপিনে নিজৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰটো জালিয়াতি কৰিছিল ধৃত অধ্যাপক জনে ৷ এনেবোৰ কাৰ্যৰে প্ৰৱিত্ৰ শিক্ষাবৃত্তিৰ লগতে শিক্ষানুষ্ঠানখনক কলংকিত কৰা অধ্যাপক গৰাকীৰ ঠিকনা হয়গৈ জে’ল-হাজোত ৷