ETV Bharat / state

মৰিগাঁৱত নিৰ্বাচনৰ অগ্ৰগতিৰ বুজ ল’লে নিৰ্বাচনী বিষয়াই

আগন্তুক দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মৰিগাঁও জিলাৰ ৭৯ নং জাগীৰোড বিধান সভা নিৰ্বাচনৰ বাবে সাধাৰণ পৰ্যবেক্ষক হিচাপে দীপাংকৰ চৌধুৰীৰ আৰু ৯০ নং মৰিগাঁও ৮১নং লাহৰীঘাট বিধান সভা সমষ্টিৰ বাবেত ড৹ কৈলাশ সিন্ধেক নিয়োগ কৰা হৈছে ৷ দুয়ো গৰাকী পৰিদৰ্শকে বুধবাৰে নিজ নিজ ভোট কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰে ৷

মৰিগাঁও জিলাৰ ভোটকেন্দ্ৰ পৰিদৰ্শন
মৰিগাঁও জিলাৰ ভোটকেন্দ্ৰ পৰিদৰ্শন
author img

By

Published : Mar 18, 2021, 12:27 PM IST

মৰিগাঁও, 18মাৰ্চ: অসম বিধান সভাৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই ৰাজনৈতিক নেতা-কৰ্মী লগতে তৎপৰতা বৃদ্ধি পাইছে প্ৰশাসন ব্যৱস্থাৰো ৷ বুধবাৰে মৰিগাঁও জিলাৰ বিভিন্ন ভোট কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰে সাধাৰণ পৰ্যবেক্ষক সকলে ৷

উল্লেখ্য যে, মৰিগাঁও জিলাত পহিলা এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷ ৮০নং মৰিগাঁও বিধানসভা সমষ্টি আৰু ৮১নং লাহৰীঘাট বিধানসভা সমষ্টিত নিৰ্বাচনৰ বাবে সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা আই এ এছ বিষয়া ড৹ কৈলাশ সিন্দেক ৷

মৰিগাঁও জিলাৰ ভোটকেন্দ্ৰ পৰিদৰ্শন
মৰিগাঁও জিলাৰ ভোটকেন্দ্ৰ পৰিদৰ্শন

বুধবাৰে পুৱাৰ পৰা দুপৰীয়ালৈ পৰ্যবেক্ষক ড৹ কৈলাশ সিন্দে মৰিগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত থকা ৬৯ নং পশ্চিম খাটবড়ী প্ৰাথমিক বিদ্যালয়(পূৱ), ৭০ নং পশ্চিম খাটবড়ী প্ৰাথমিক বিদ্যালয়(পশ্চিম), ৭১ নং ভূৰবন্ধা মাধ্যমিক বিদ্যালয় (পূৱ), ৭২ নং ভূৰবন্ধা মাধ্যমিক বিদ্যালয় (পশ্চিম), ৩৭ নং মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় (উত্তৰ), ৩৮ নং ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় (দক্ষিণ), ৩৯ নং ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় (মধ্য), আৰু ৪০ নং ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় (পূৱ) ভোট কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰে । পৰ্যবেক্ষক গৰাকীয়ে ভূৰাগাঁও আৰু লাহৰীঘাট পৰিদৰ্শনৰ সময়ত ফ্লায়িং স্কোৱাডৰ লগতে স্থিৰ নিৰীক্ষণকাৰী দলটোৰ সৈতে বাৰ্তালাপ কৰে ।

মৰিগাঁও জিলাৰ ভোটকেন্দ্ৰ পৰিদৰ্শন
মৰিগাঁও জিলাৰ ভোটকেন্দ্ৰ পৰিদৰ্শন

আনহাতে ভাৰতৰ নিৰ্বাচন আয়োগে ৭৯নং জাগীৰোড বিধানসভা সমষ্টিৰ বাবে সাধাৰণ পৰ্যবেক্ষক হিচাপে দায়িত্ব অৰ্পন কৰা হৈছে আই এ এছ বিষয়া দিপাংকৰ চৌধুৰীক ৷ জাগীৰোড সমষ্টিৰ অন্তৰ্গত কেইবাটাও ভোট কেন্দ্ৰ পৰিদৰ্শন কৰি ভোট কেন্দ্ৰ সমূহৰ পৰিস্থিতিৰ বুজ লয় ৭৯নং জাগীৰোড বিধানসভা সমষ্টিৰ পৰ্যবেক্ষক গৰাকীয়ে ৷

লগতে পঢ়ক: কংগ্ৰেছৰ তিনিজনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.