মৰিগাঁও,23 নৱেম্বৰ : দেওবাৰে মৰিগাঁৱৰ লাহৰীঘাট সমষ্টিৰ নগাবন্ধাত অনুষ্ঠিত হোৱা ক্ৰিকেট টুৰ্ণামেণ্টৰ চূড়ান্ত খেলখনত মৈৰাবাৰী ভিক্টোৰিয়া ক্ৰিকেট দলে বিজয়ীৰ খিতাপ লাভ কৰে । নগাবন্ধা মিনি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই টুৰ্ণামেণ্টৰ চূড়ান্ত খেলখন উদ্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক তথা যুৱ নেতা ইমদাদ হুছেইনে ।

নগাবন্ধা ইয়ং ষ্টাৰ ক্লাৱ আৰু নগাবন্ধা নগাবন্ধা গ্ৰাম্য আৰ্থসামাজিক উন্নয়ন সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা আৰ্কষণীয় ক্ৰিকেট খেল প্ৰতিযোগিতাখনৰ উদ্বোধনী ভাষণত নগাবন্ধাত এখন উৎকৃষ্টমানৰ ষ্টেডিয়াম বনাবলৈ সোণোৱাল চৰকাৰক দাবী জনায় যুৱ নেতা ইমদাদ হুছেইনে ।

ক্ৰিকেটৰ বেট ধৰি শুভাৰম্ভ কৰা এই কাৰ্যসূচীত উপস্থিত থাকে মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী ইছমা আৰা বেগম,মৰিগাঁও জিলা এআইইউডিএফৰ সভাপতি ছিদ্দিক আহমেদ,বিশিষ্ট সমাজকৰ্মী তথা সম্ৰাট মছলাৰ স্বত্বাধিকাৰী নুৰুল হুদা,বিশিষ্ট সমাজকৰ্মী মিজবা,প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক চালেহ উদ্দিন,মৰিগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি ইজাজ হুছেইন প্ৰমুখ্য কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক : বিলাসীপাৰাত ৰাইজৰ দলৰ ধুবুৰী জিলা আহ্বায়ক সমিতি গঠন