মৰিগাঁও,2 জুলাই: চিকিৎসক ভগৱানৰ দ্বিতীয় ৰূপ ৷ ভগৱানৰ পিচতেই সাধাৰণ লোকৰ বিশ্বাসৰ থল হিচাপে ধৰা হয় চিকিৎসকক ৷ পশ্চিমবংগৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী তথা বিশিষ্ট চিকিৎসক প্ৰয়াত ডাঃ বিধান চন্দ্ৰ ৰয়ৰ জন্মদিনটোত সমগ্ৰ দেশতে চিকিৎসক দিৱস উদযাপন কৰা হয় ৷ বৃহস্পতিবাৰে চিকিৎসক দিৱসৰ দিনটোতেই স্বাস্থ্য কৰ্মীক প্ৰহাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
বোৱালগুৰি হাইস্কুল ভেকচিন কেন্দ্ৰত স্বাস্থ্য কৰ্মীক প্ৰহাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তেজনা । এগৰাকী আশাকৰ্মীয়ে পুতেক মুকছিদুল আহমেদ নামৰ যুৱক জনৰ নেতৃত্বত 6-7 জনীয়া দল এটাই কৰ্তব্যৰত অৱস্থাত আক্ৰমণ কৰি আহত কৰে এচ ডব্লিউ ছাইফুল ইছলামক । আশাকৰ্মী মুকছিনা আহমেদে প্ৰভাৱ খটুৱাই নিজ পুত্ৰক শাৰীপাতি থকা লোকতকৈ আগত ভেকচিন দিয়াবলৈ যোৱাক লৈ ঘটনাটো সংঘটিত হয় । ইতিমধ্যে আৰক্ষীয়ে ছাজিদ খান নামৰ এজন যুৱকক আটক কৰিছে । আটক হোৱা যুৱকজন নগাব্ন্ধা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য।মুকছিদুল আহমেদ লাহৰীঘাট মহাবিদ্যালয়ৰ এজন প্ৰবক্তা।
উল্লেখ্য যে,বিগত সপ্তাহত সমগ্ৰ ৰাজ্য কঁপাই গৈছিল হোজাই জিলাৰ লংকাৰ ক’ভিড কেয়াৰ কেন্দ্ৰৰ চিকিৎসক আক্ৰমণৰ ঘটনাই । লংকাৰ উদালী ক’ভিড কেয়াৰ কেন্দ্ৰত এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসক, চিকিৎসা কৰ্মীৰ ওপৰত জঁপিয়াই পৰিছিল অঞ্চলটোৰ একাংশ লোক । এই ঘটনাত গুৰুতৰভাৱে আহত হৈছিল চিকিৎসক সেউজ সেনাপতিৰ লগতে কেইবাগৰাকীও চিকিৎসা কৰ্মী। সামাজিক মাধ্যমত চিকিৎসক আক্ৰমণৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ লগে লগে আৰক্ষীয়ে আটক কৰিছিল এই কাণ্ডৰ লগত জড়িত 9 গৰাকীকৈ অভিযুক্তক ৷
হোজাইৰ চিকিৎসক নিগ্ৰহ কাণ্ডৰ গৰিহণা দিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া আগবঢ়াইছে ৷ প্ৰশাসনক ঘটনাটোৰ তদন্ত কৰি উক্ত ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় হোজাই জিলা প্ৰশাসন তথা চৰকাৰৰ ওচৰত ।
এই ঘটনাত গুৰুতৰ ভাৱে আঘাত পাইছিল এগৰাকী নাৰ্চে ৷ এই নিৰ্মম ঘটনাৰ মাৰ নৌযাওতেই পুনৰ অনুৰূপ ঘটনা পোহৰলৈ আহিছে লাহৰীঘাটৰ ভেকচিন কেন্দ্ৰত ৷ এতিয়া প্ৰশ্ন হয় প্ৰকৃততে কেনেদৰে সমাধান হ’ব এই সমস্যৰ ৷