মৰিগাঁও, ১১ মেঃ মৰিগাঁও কলমৌবাৰীত NRCত নাম পঞ্জীয়নৰ নামত ভয়ংকৰ জালিয়াতিৰ অভিযোগ ।মন্তাজ শ্বেখ নামৰ লোকজনৰ পৰিয়ালত অচিনাকী দুগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ।
ঘটনা অনুসৰি মৰিগাঁও জিলা কলমৌবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ঠেংশালীবৰী গাঁৱত মন্তাজ শ্বেখৰ পৰিয়ালৰ নামত অচিনাকী দুগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত হোৱাত পৰিয়ালটোৰ লগতে ৰাইজক বিপদত পেলাইছে। জানিব পৰা মতে,মন্তাজ শ্বেখৰ তিনিগৰাকী পত্নী আছিল ক্ৰমে ছালিজা খাতুন,ৰইতন নেছা আৰু আনো বেগম আছিল যদিও আজিৰ পৰা বিশ বছৰৰ পূৰ্বে আনু বেগম নামৰ পত্নী গৰাকী দুগৰাকী কন্যা সন্তান ক্ৰমে মফিদা বেগম আৰু মনি বেগম জন্ম হোৱাৰ পিছত আনো বেগমে নিজ স্বামী মন্তা শ্বেখক এৰি যায়। আৰু স্বামী পৰিয়ালৰ লগত কোনোধৰণৰ সম্পৰ্ক নাৰাখি অন্য এজন ব্যক্তিৰ লগত বিবাহপাশত আৱদ্ধ হয়। আনু বেগমৰ তৃতীয় আৰু চতুৰ্থ কন্যা আজিদা বেগম আৰু এলিজা বেগমক মন্তাজ শ্বেখৰ লিগেচি ক'ড নম্বৰ ব্যৱহাৰ কৰাত মন্তাজ শ্বেখৰ পৰিয়ালৰ লোকে তেওঁলোকৰ পৰিয়ালত নাম সন্মিবিষ্ট কৰিবলৈ নিদিয়ে বুলি মন্তব্য কৰে। এই ক্ষেত্ৰত মন্তাজ শ্বেখৰ পৰিয়ালৰ লগতে গাৱঁৰ ৰাইজে সেই দুগৰাকী মন্তাজৰ সন্তান নহয় বুলি দাবী কৰা লগতে বৃহৎ পৰিমাণৰ ধনৰ লেনদেনৰ বিনিময়ত আনো বেগমে এই দুষ্কাৰ্য সংঘটিত কৰা বুলি অভিযোগ তোলে।
অধিক পঢ়িবলৈ-কলগাছিয়াৰ অংগনৱাড়ী কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি