ETV Bharat / state

মাজুলীৰ ২নং কুঁহিয়াৰবাৰীত বিয়া খাবলৈ গৈ গণ-সংক্ৰমণ

মাজুলীৰ ২ নং কুহিয়াৰবাৰী গাঁৱত সুনিল নেৱাৰ নামৰ এজন লোকৰ দেহত ক’ভিড-19ৰ অৱস্থিতি ধৰা পৰে ৷ তেওঁৰ লগতে আন ৩৩ গৰাকী লোক ক’ভিড আক্ৰান্ত বুলি চিনাক্ত হোৱাত মাজুলী জিলা প্ৰশাসনে ইতিমধ্যে গাঁৱখনক ক’ন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে ।

মাজুলীৰ ২নং কুঁহিয়াৰবাৰীত বিয়া খাবলৈ গৈ গণ-সংক্ৰমণ
মাজুলীৰ ২নং কুঁহিয়াৰবাৰীত বিয়া খাবলৈ গৈ গণ-সংক্ৰমণ
author img

By

Published : May 11, 2021, 2:08 PM IST

মাজুলী, 11 মে’: মাজুলীৰ ২ নং কুহিয়াৰবাৰীত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা । স্থানীয় ৰাইজে জানিব দিয়া মতে, দক্ষিণপাট ঘাটৰ সমীপত দলং নিৰ্মাণৰ কামত কৰ্মৰত এজন যুৱক কেইদিনমানৰ আগতে ২নং কুহিয়াৰবাৰী গাঁৱত অনুস্থিত বিবাহ অনুষ্ঠানৰ বাবে গাঁৱলৈ আহিছিল । কিন্তু দলং নিৰ্মাণ কাৰ্যত কৰ্মৰত যুৱকজনৰ এজন সহকৰ্মী ক’ভিডত আক্ৰান্ত আছিল যি কথা তেখেতে লুকুৱাই ৰাখি বিয়া ঘৰলৈ অহা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ সেয়েহে, বিবাহ অনুষ্ঠানৰ পৰাই একাংশৰ ক’ভিড সংক্ৰমণৰ আশংকা কৰিছে গাঁৱবাসীয়ে ।

উল্লেখ্য যে, যুৱকজন ক’ভিডত আক্ৰান্ত বুলি খবৰ লাভ কৰাৰ পাচতে বিয়াত উপস্থিত সকলো লোকে ক’ভিড পৰীক্ষা কৰায় ৷ গাঁৱৰ মুঠ ১২৩ গৰাকী ব্যক্তিয়ে ক’ভিড পৰীক্ষা কৰাৰ পাচত ৩৩ গৰাকী লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে ৷ মাজুলী জিলা প্ৰশাসনে ইতিমধ্যে গাঁৱখনক ক’ন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে । ইয়াৰোপৰি গাওঁ খনৰ বাকীসকল লোককো মঙলবাৰে স্বাস্থ্য বিভাগে পৰীক্ষা কৰাৰ লগতে ওচৰৰ গাওঁ সমূহতো পৰীক্ষা কৰিব বুলি জানিবলৈ দিয়ে আশাকৰ্মীয়ে ।

লগতে পঢ়ক : উদ্বেগজনক ভাৱে দৰঙত বৃদ্ধি কৰ’ণা ৰোগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.