ETV Bharat / state

D voter in majuli: মাজুলীৰ খিলঞ্জীয়া বিপুল বৰাক 'ডি ভোটাৰ' সজাই জেললৈ প্ৰেৰণ - সন্দেহজনক ভোটাৰৰ গোচৰত কাৰাগাৰলৈ প্ৰেৰণ

যোৰহাট বিদেশী ন্যায়াধীকৰণৰ আজৱ কাণ্ড । মাজুলীৰ খিলঞ্জীয়া বিপুল বৰাক 'ডি ভোটাৰ সজাই জেললৈ প্ৰেৰণ(D voter in Majuli) । মাজুলী ফুটচাঙত তীব্ৰ প্ৰতিক্ৰিয়া । কান্দি কান্দি পত্নীৰ মুখ্যমন্ত্ৰীলৈ আহ্বান- মোৰ স্বামীক হয় ন্যায় দিয়ক নহ’লে পৰিয়ালটোকে জেললৈ প্ৰেৰণ কৰক । গৰু, ম’হ মাটি বিক্রি কৰি বিদেশী ন্যায়াধীকৰণত খেলিব লগা হৈছে কেচ..

D voter in majuli
মাজুলীৰ খিলঞ্জীয়া বিপুল বৰাক 'ডি ভোটাৰ' সজাই জেললৈ প্ৰেৰণ
author img

By

Published : Dec 8, 2022, 5:41 PM IST

মাজুলী, 8 ডিচেম্বৰ: জাতি-মাটি ৰক্ষাৰ কথা কৈ ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ দিনতেই যোৰহাট বিদেশী ন্যায়াধীকৰণে মাজুলীৰ এজন চুতীয়া জনগোষ্ঠীয় তথা খিলঞ্জীয়া বিপুল বৰাক সন্দেহজনক ভোটাৰৰ গোচৰত কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ দৰে এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে(D voter in Majuli) । মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত ফুটচাং গাঁৱৰ স্বৰ্গীয় লোকনাথ বৰা নামৰ এজন কৃষক আৰু পদ্মেশ্বৰী বৰাৰ নুমলীয়া সন্তান বিপুল বৰা ৷

বিপুল বৰাৰ অধিবক্তা

বিপুল বৰাৰ বিৰুদ্ধে মাজুলী জিলাৰ নিৰ্বাচনী বিষয়াই ২০১৯ চনতে এটা 'ডি' ভোটাৰৰ গোচৰ ৰুজু কৰিছিল(D voter in Assam) । এফ টি/ এম জে এল ( ডি) ১৫/২০১৯ নম্বৰত এক গোচৰ সুদীৰ্ঘ দিনে যোৰহাট বিদেশী ন্যায়াধীকৰণত চলি আছিল আৰু উক্ত গোচৰ ভিত্তিতেই বিপুল বৰাক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ হয় । বিপুল বৰাৰ ৫জন ককাই-ভাই আৰু দুগৰাকীৰ বাই-ভনী সহিতে পৰিয়ালটো মুঠ সদস্য সংখ্যা হ’ল সাতগৰাকী । ডি ভোটাৰ সজাই জেললৈ প্ৰেৰণ কৰাৰ লোকজন পৰিয়ালৰ কনিষ্ঠ ভাতৃ ।

বিপুল বৰাৰ পৰিয়াল

বিপুল বৰাই ২০০১ চনত বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছিল । ইতিমধ্যে এগৰাকী খিলঞ্জীয়া ব্যক্তিক জেল হাজোতলৈ বিদেশী ন্যায়াধীকৰণ আদালতে প্ৰেৰণ কৰাৰ ঘটনাই সমগ্ৰ সত্ৰনগৰীত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । আনহাতে এগৰাকী খিলঞ্জীয়া ব্যক্তিক ডি ভোটাৰ সজাই জেল হাজোতলৈ প্ৰেৰণ কৰাৰ ঘটনাক তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে অধিবক্তা তথা তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে । ১৯৫১ চনৰ ভোটাৰ তালিকাত তেওঁলোকৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্তি হৈছিল ।

bipul bora tortured by making d voter in majuli
মাজুলীৰ খিলঞ্জীয়া বিপুল বৰাক 'ডি ভোটাৰ' সজাই জেললৈ প্ৰেৰণ

দুটা সন্তানৰ পিতৃ বিপুলৰ সকলো যাৱতীয় তথ্য পাতি থকাৰ পাচতো কিয় ডি ভোটাৰ হ’বলগীয়া হ’ল, এই প্ৰশ্নই এতিয়া উৎসুকিত কৰি তুলিছে সকলোকে ৷ বিপুল বৰাৰ অধিবক্তাই জানিবলৈ দিয়া মতে, বিপুল বৰাই বিদেশী ন্যায়াধীকৰণত(Foreigners Tribunal) চলি থকা গোচৰৰ কেইবাটাও তাৰিখত লকডাউন বাবে অথবা বানৰ কাৰণত উপস্থিত হ’ব পৰা নাছিল । যাৰ ফলত যোৰহাটৰ বিদেশী ন্যায়াধীকৰণে বিপুল বৰাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে ।

ইফালে বিপুল বৰাৰ পত্নী তথা মাতৃয়ে কান্দি কান্দি তেওঁলোকক ন্যায় দিবলৈ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনাইছে ৷ তেওঁ হয় স্বামীক হয় ন্যায় দিয়ক নহ’লে পৰিয়ালটোকে জেললৈ প্ৰেৰণ কৰাৰ বাবে আহ্বান জনাইছে । বিদেশী ন্যায়াধীকৰণত কেচৰ নামত ইতিমধ্যে বিপুল বৰাৰ পৰিয়ালটোৱে গৰু, ম’হ, মাটি সকলো বিক্রি কৰিছে ৷ এতিয়া মাথো বাকী আছে ঘৰৰ চৌহদটোহে ৷

লগতে পঢ়ক : Assam animal to Ambani Zoo : অসমৰ বন্যপ্ৰাণী নিয়াক লৈ তীব্ৰ প্ৰতিবাদ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.