ETV Bharat / state

পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবীত নাওবৈচা প্ৰেছ ক্লাৱৰ প্ৰতিবাদ

author img

By

Published : Nov 13, 2020, 5:16 PM IST

জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ মৃত্য়ুক হত্যাকাণ্ড আখ্য়া দিছে নাওবৈচা প্ৰেছ ক্লাৱে। ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবীত নাওবৈচা প্ৰেছ ক্লাৱৰ ১ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ।

পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবীত নাওবৈচা প্ৰেছ ক্লাৱৰ প্ৰতিবাদ
পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবীত নাওবৈচা প্ৰেছ ক্লাৱৰ প্ৰতিবাদ

নাওবৈচা, ১২ নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰৰ নাওবৈচাতো সাংবাদিক পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যুৰ তদন্তৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সাংবাদিকসকলে । সাংবাদিকগৰাকী হত্যাকাণ্ডৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে নাওবৈচা প্ৰেছ ক্লাৱে । এই ৰহস্যজনক হত্যাকাণ্ডৰ তদন্তৰ দাবীত নাওবৈচা প্ৰেছ ক্লাৱৰ সদস্যসকলে ১ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

আপোচহীন, নিৰ্ভীক সাংবাদিকতাৰ প্ৰতীক তিনিচুকীয়াৰ কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ সন্দেহজনক হত্যাৰ ন্যায় তথা ৰহস্য উদ্ঘাটনৰ দাবী জনাইছে ৰাজ্যৰ সংবাদ মহলে । নাওবৈচা কলেজ তিনিআলিত প্ৰেছ ক্লাৱৰ সাংবাদিকসকল আৰু বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । লগতে এই কাৰ্যসূচীত উপস্থিত থাকি আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান, নাওবৈচা প্ৰেছ ক্লাৱৰ সভাপতি দ্বিগেন্দ্ৰ নাথ চৌধুৰী, সাধাৰণ সম্পাদক নিতুল বৰা, অঞ্জন উপাধ্যায়ে এই সন্দেহজনক হত্যাকাণ্ডৰ CBI তদন্তৰ দাবী কৰাৰ লগতে হত্যা কাণ্ডৰ লগত জড়িত দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ।

এতিয়ালৈকে ৰাজ্যত ৪১ জন সাংবাদিকক দুৰ্বৃত্তই হত্যা কৰিছে যদিও এই দুৰ্বৃত্তক চিনাক্ত কৰা অথবা শাস্তি দিয়াৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বুলিও তেওঁলোকে মন্তব্য কৰে । পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্য়ুৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সাংবাদিকসকলে আশা কৰিছে । লগতে সাংবাদিকসকলক সুৰক্ষা প্ৰদান কৰিবলৈও প্ৰতিবাদকাৰীয়ে দাবী জনায় ।

লগতে পঢ়ক:দীপাৱলীৰ বাবে মহানগৰীৰ ফাঁচীবজাৰত গ্ৰাহকৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.