লখিমপুৰ, 2 জানুৱাৰীঃ 2020ৰ আৰম্ভণিতে লখিমপুৰ আৰক্ষীৰ জালত পৰিল জাল নোট ব্যৱসায়ীৰ চক্ৰ ৷ একাংশ সচেতন লোক আৰু কৰ্তব্যৰত যান বাহন আৰক্ষীৰ তৎপৰতাত হাতে লোতে ধৰা পৰে চক্ৰটো ৷
জানিব পৰা মতে আৰক্ষীয়ে AS 07 M 7812 পঞ্জীয়নভুক্ত মাৰুতি এল্টো বাহনৰ পৰা তিনি যুৱকৰ সৈতে 500 আৰু 2000 টকীয়া নোটৰ মুঠ 7 লাখ টকাৰ জাল নোট জব্দ কৰে ৷ ইয়াৰ লগতে আৰক্ষীয়ে তেওঁলোকৰ পৰা 6 টা ম'বাইল ফোন জব্দ কৰে ৷ ধৃত যুৱক তিনিজন ক্ৰমে বঙালমৰাৰ মহিদুল ইছলাম, চাদিকুল আৰু মফিদুল ইছলাম বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি আটকাধীন যুৱক তিনিজনে বহিঃৰাজ্যৰ এটা চক্ৰক দিবলৈ জালনোটখিনি আনিছিল ৷
লগতে পঢ়ক - নিলামবজাৰ হত্যাকাণ্ডৰ দুই অভিযুক্তক আটক