নাওবৈচা, 4 ছেপ্তেম্বৰ : অসমৰ অন্যান্য জনগোষ্ঠী সমূহৰ ভিতৰত অন্যতম মটক জনগোষ্ঠীয় লোকসকলৰ স্বায়ত্ব শাসনৰ যি দীৰ্ঘদিনীয়া দাবী অৱশেষত ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে প্ৰদান কৰাত স্বাভাৱিককতে উৎফুল্লিত হৈ পৰিছে জনগোষ্ঠীয় লোকসকল ।
1989 চনৰ পৰাই দাবী কৰি অহা এই স্বায়ত্ব শাসন বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰাত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নাওবৈচাতো এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । শুকুৰবাৰে আবেলি লখিমপুৰ জিলা মটক যুৱ ছাত্ৰৰ সন্মিলনৰ সদস্য সকলে স্বায়ত্ব শাসনৰ প্ৰাপ্তিৰ আনন্দত নাওবৈচাৰ শান্তি সংঘ প্ৰেক্ষাগৃহত বম-ফটকা ফুটাই বিজয় উৎসৱ পালন কৰে ।
বিজয় উৎসৱত উপস্থিত থাকি লখিমপুৰ জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক নৱজিৎ বৰপাত্ৰই অসম চৰকাৰক ধন্যবাদ জনায় দীৰ্ঘদিনে মটক জনগোষ্ঠীয় লোকসকলে বিচাৰি অহা স্বায়ত্ব শাসনক চৰকাৰে প্ৰদান কৰি জনগোষ্ঠীয়লোক সকলক যি মান্যতা প্ৰদান কৰিলে সেই মান্যতা সদায় সোণালী আখৰে লিখা থাকিব বুলি উল্লেখ কৰে ।
বিজয় উৎসৱত লখিমপুৰ জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ উপদেষ্টা পবিত্ৰ বৰপাত্ৰ, ছাত্ৰ সন্মিলনৰ সভাপতি দুলাল কোঁৱৰ, সাংগঠনিক সম্পাদক মনোজ দত্ত, সহকাৰী সম্পাদক দেৱজিৎ বৰাকে ধৰি অৰ্ধ শতাধিক ছাত্ৰ কৰ্মীয়ে অংশ গ্ৰহণ কৰে ৷
লগতে চাওক-10-15 জোপা চাহ গছ ৰোপণ কৰি বছৰটোৰ বাবে কেনেকৈ ল’ব চাহৰ জুতি !