লখিমপুৰ, 29 আগষ্টঃ নাৰায়ণপুৰৰ মেৰমুখত মহামাৰী কৰ'ণাৰ গণ সংক্ৰমণ । একেটা পৰিয়ালৰে ৭ জনকৈ লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । আক্ৰান্ত লোক কেইজন হ'ল টেপুৰাম বৰা (৮৯),অজিত কুমাৰ বৰা(৫০), মৰমী গগৈ বৰা(৩৭), দিপালী বৰা (৪৮),তুলিকা বৰা(১৯),পুহিতা বৰা(৭৯) আৰু লিলি বৰা(৫৮) ।
ইয়াৰে টেপুৰাম বৰা আৰু লিলি বৰাৰ স্বাস্থ্যৰ অৱনতি ঘটাত ডিব্ৰুগড় AMCH লৈ প্ৰেৰণ কৰা হয় । কিন্তু AMCH ত উচিত চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । ৰোগীৰ ওচৰলৈ ডাক্তৰ-নাৰ্ছ নোযোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি কাতৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে । ইফালে গণ সংক্ৰমণ বৃদ্ধিৰ আশংকাত আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোক সকল ।
লগতে পঢ়কঃ ন্যায়ালয়ৰ নিৰ্দেশ নমনা অগপ নেতৃত্বৰ বিৰুদ্ধে গোচৰীয়া পক্ষৰ প্ৰতিক্ৰিয়া