ETV Bharat / state

Miscreants attack truck in Dhubri : ধুবুৰীত ট্ৰাকত আক্ৰমণ দুৰ্বৃত্তৰ, ন্যায় বিচাৰি প্ৰতিবাদ ট্ৰাক চালকৰ

author img

By

Published : Aug 2, 2022, 6:22 PM IST

ধুবুৰী জিলাৰ অন্তৰ্গত চৈবাৰী চাহ বাগিছাৰ সমীপত চাঞ্চল্যকৰ ঘটনা । দুষ্কৃতিকাৰীয়ে নিশা আক্ৰমণ কৰে প্ৰায় ৬ খনকৈ ট্ৰাকত (Miscreants attack truck in Dhubri)। ট্ৰাকৰ ক্ষতিসাধন কৰাৰ লগতে চালকৰ টকা-পইচা আৰু আন নথি পত্ৰ লৈ যায় দলটোৱে । নিৰাপত্তাহীনতাত ভূগিছে ট্ৰাক চালকসকল ।

Miscreants attack truck in Dhubri
ধুবুৰীত ট্ৰাকত আক্ৰমণ দুৰ্বৃত্তৰ

কোকৰাঝাৰ,২ আগষ্ট : কোকৰাঝাৰ জিলাৰ সীামামূৰীয়া তথা ধুবুৰী জিলাৰ অন্তৰ্গত চৈবাৰী চাহ বাগিছাৰ নিলগৰ গড়কাপ্তানি পথত সোমবাৰে নিশা অচিনাক্ত দুস্কৃতিকাৰীয়ে ৬ খনকৈ ট্ৰাকত আক্ৰমণ কৰে । ট্ৰাকসমূহৰ ক্ষতিসাধন কৰাৰ লগতে চালকক মাৰধৰ কৰি মৃত্যুৰ ভাবুকি দিয়া কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ছালাকাটি এনটিপিচিৰ পৰা ফ্লাইএচ (flyash) ভৰ্তি কেইবাখনো ট্ৰাক গুৱাহাটী অভিমুখে যাবলৈ ধৰোতেই দুৰ্ষ্কৃতিকাৰীৰ দলে ট্ৰাককেইখন আগচি ধৰে আৰু ট্ৰাকত আক্ৰমণ কৰে (Miscreants attack truck in Dhubri)।

ধুবুৰীত ট্ৰাকত আক্ৰমণ দুৰ্বৃত্তৰ

আনহাতে চালকসকলক মাৰধৰ কৰি লগত থকা টকা-পইচা, গাড়ীৰ কাগজ-পত্ৰ, চালান আদিও লৈ যোৱাৰ অভিযোগ উঠিছে । ভুক্তভোগী চালক কেইজনে অভিযোগ কৰা মতে তেওঁলোকক প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰে দুষ্কৃতিকাৰীৰ দলটোৱে । চালকসকলে অভিযোগ কৰা মতে তেওঁলোকৰ ওপৰত কেইবামাহৰ পৰা এনেদৰে দুষ্কৃতিকাৰীসকলে আক্ৰমণ কৰি আছে । কেতিয়াবা শিল দলিয়াই, কেতিয়াবা ট্ৰাকৰ চকাৰ বায়ু এৰি দিয়ে, ম'বাইলযোগে প্ৰতিখন গাড়ীৰ বাবদ দুই হেজাৰ টকা ধন দাবী কৰে ।

কিন্তু সোমবাৰৰ নিশাৰ কাণ্ডই সকলো সীমা অতিক্ৰম কৰিলে । চালকসকলে তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে আৰু দুস্কৃতিকাৰীৰ বিৰুদ্ধে যাতে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ আহ্বান জনাইছে ।

চালকসকলে নিৰাপত্তাহীনতাত ভূগি নিশাই চৈবাৰী আৰক্ষী চকীত আশ্ৰয় লয় আৰু এই ঘটনাৰ বিৰুদ্ধে চৈবাৰী আৰক্ষী চকীৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Truck driver protest)। ইফালে উক্ত ঘটনাটোৱে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু আৰক্ষীয়েও ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Drug seized at Chabua: চাবুৱাত আৰক্ষীয়ে খেদি খেদি আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.