ETV Bharat / state

তেওঁলোকৰ দুখৰ অন্ত নাই...

author img

By

Published : May 14, 2020, 9:41 PM IST

কোনো চৰকাৰী আঁচনিয়ে ঢ়ুকি নোপোৱা কোকৰাঝাৰৰ এটা দৰিদ্ৰ পৰিয়াল । ভাগ্যক ধিয়াই পুত্ৰ আৰু নাতিনীৰ আলপৈচান ধৰিয়েই জীৱন যাপন কৰিছে এগৰাকী অসহায় বৃদ্ধাই ।

pathetic condition of a family in kokrajhar

কোকৰাঝাৰ, 14 মে': কোকৰাঝাৰ জিলাৰ বালাজান উপ আৰক্ষী চকীৰ অন্তৰ্গত হাইজ্ৰাইগুৰী গাঁৱৰ ধৰ্মতী ৰায়, তেওঁৰ পুত্ৰ ৰাজকুমাৰ ৰায় আৰু নাতিনী পবিত্ৰী ৰায়(৮)ৰ কৰুণ জীৱন গাথাই অন্তৰ সেমেকাই তুলিব আপোনাৰো । দৰিদ্ৰ ধৰ্মতী ৰায়ৰ অভাৱ অনাটনৰ সময়ছোৱাতে, দেহ ব্যৱসায়ীয়ে ধৰ্মতী ৰায়ৰ পুত্ৰ ৰাজকুমাৰ ৰায়ক কাম দিয়াৰ প্ৰলোভনেৰে লৈ যায় বহিঃৰাজ্যলৈ । বহিঃৰাজ্যলৈ নি ৰাজকুমাৰৰ এটা চকু ওলিয়াই নিয়ে সেইসকল দুষ্কৃতিকাৰীয়ে । তাতে আকৌ আনটো চকুৰেও দেখা নাপায় ৰাজকুমাৰ ৰায়ে ।

কিমান দুৰ্বিসহ হ'ব পৰে মানুহৰ জীৱন ?

আনহাতে ধৰ্মতী ৰায়ৰ একমাত্ৰ ৮ বছৰীয়া নাতিনী জনীও হৈছে বিশেষভাৱে সক্ষম । ভাগ্যক ধিয়াই বুঢ়ীমাকে পুত্ৰৰ আলপৈচান ধৰি আছিল যদিও, এতিয়া ভূতৰ ওপৰত দানহ পৰাদি আগতকৈয়ো অধিক যতন ল'বলগীয়া হৈছে বিশেষভাৱে সক্ষম নাতিনী গৰাকীৰ । কিয়নো, যোৱা ২৭ ফেব্ৰুৱাৰীত ৮ বছৰীয়া নাতিনীৰ শৰীৰৰ নিম্নাশ অগ্নিদগ্ধ হয় । আইতাকে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও, এদিন চিকিৎসালয়ত ৰাখিয়েই ঘৰলৈ উভতাই আনে কণমানিজনীক । তেতিয়াৰে পৰা কণমানি নাতিনীজনীয়ে জুইয়ে পোৰা অংশ কলপাতেৰে বান্ধি ৰাখিছে । সঠিক চিকিৎসা অবিহনেই কলপাতেৰে জুইয়ে পোৰা অংশ বান্ধি ৰখাত, সম্প্ৰতি সেই ঘাঁ অধিক বিস্তাৰিত হোৱা পৰিলক্ষিত হৈছে । দুৰ্বিসহ যন্ত্ৰনাৰে জীৱন অতিবাহিত কৰা পৰিয়ালটোৰ থাকিবলৈ ভাল ঘৰ এটাও নাই বুলি ক'লেও বঢ়াই কোৱা নহ'ব । তদুপৰি খাবলৈ এসাঁজ ভাত নথকাৰ লগতে, কণমানিজনীৰ উন্নত চিকিৎসা কৰিবলৈয়ো পৰিয়ালটোৰ হাতত নাই সাঁচতীয়া ধন । নিম্নাংশ জুয়ে পোৰাৰ ফলত কলপাতকে পেন্ট বনাই বেকাকৈ খোজকঢ়া নাতিনী জনীৰো নাই পিন্ধিবলৈ এপদ ভাল কাপোৰ ।

উল্লেখ্য যে, মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ধৰ্মতী ৰায়ৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালটোৰ দুদৰ্শা দেখি হতবাক হৈ পৰে আৰু কণমানি নাতিনী জনীৰ বাবে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব বুলিও আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়কঃ তেলেংগানাত আবদ্ধ কলিয়াবৰৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.