ETV Bharat / state

কোকৰাঝাৰত খাকী পোছাকধাৰীয়ে উত্তাল কৰিলে ডাক ঘৰৰ চৌহদ - কোকৰাঝাৰ

ধুবৰী উপসংমণ্ডল ডাকঘৰৰ অধীনত নিয়োজিত হোৱা মুঠ ছয়জন হোমগাৰ্ডে যোৱা ডিচেম্বৰ মাহৰ পৰা দৰমহাৰ পৰা বঞ্চিত হৈ আছে । প্ৰতিমাহে তেওঁলোকে 17,700 টকা দৰমহা হিচাপে লাভ কৰিব লাগিছিল যদিও আজি আঠ মাহ অতিক্ৰম কৰাৰ পিচতো তেওঁলোকে দৰমহা লাভ নকৰিলে ।

খাকী পোছাকধাৰীয়ে উত্তাল কৰিলে ডাক ঘৰৰ চৌহদ
author img

By

Published : Jul 18, 2019, 9:14 AM IST

কোকৰাঝাৰ ,১৮ জুলাই: বুধবাৰে কোকৰাঝাৰত খাকী পোছাকধাৰী সকলে উত্তাল কৰি তোলে কোকৰাঝাৰ ডাক ঘৰৰ চৌহদ । ডাক ঘৰত নিৰাপত্তা দিয়াৰ বাবে নিয়োজিত অসম হোমগাৰ্ড জোৱান সকলে বিগত ছয় মাহ ধৰি দৰমহা লাভ নকৰাৰ প্ৰতিবাদত তেওঁলোকৰে কৰ্ম বিৰোধী কৰাৰ লগতে ডাকঘৰ চৌহদ উত্তাল কৰি তোলে ।

তেওঁলোকৰ অভিযোগ অনুসৰি ধুবৰী উপসংমণ্ডল ডাকঘৰৰ অধীনত নিয়োজিত হোৱা মুঠ ছয়জন হোমগাৰ্ড যোৱা দিচেম্বৰ মাহৰ পৰা দৰমহাৰ পৰা বঞ্চিত হৈ আছে । প্ৰতিমাহে তেওঁলোকে 17,700 টকা দৰমহা হিচাপে লাভ কৰিব লাগিছিল যদিও আজি আঠ মাহ অতিক্ৰম কৰাৰ পিচতো তেওঁলোকে দৰমহা লাভ নকৰিলে । সেয়ে জোৱান সকলে বুধবাৰে অনিৰ্দিষ্টকালীন কৰ্ম বিৰোধী কৰাৰ লগতে পোষ্টাৰ, বেনাৰ আদি লৈ বিভিন্ন শ্লোগানৰে ডাকঘৰ চৌহদ উত্তাল কৰি তোলে । কৰ্ম কৰিও দৰমহা নোপোৱাৰ ফলত পৰিয়াল পোহপাল দিয়াত তেওঁলোকৰ হাঁহ নচৰা অৱস্থা হোৱা বুলি কৈ অতি শীঘ্ৰে বকেয়া ধন মোকলাই দিয়াৰ দাবী জনাইছে জোৱান সকলে । আনফালে কোকৰাঝাৰ ডাকঘৰৰ পোষ্ট মাষ্টাৰে সদৰী কৰে যে কোকৰাঝাৰ ডাকঘৰৰ পৰা যাৱতীয় নথি আৰু তথ্য ঠিক সময়ত ধুবৰী উপসংমণ্ডলৈ পঠোৱা হৈছে । কিন্তু উচ্চ পৰ্যায়ৰ ডাকঘৰ পৰিচালনাৰ পৰা কি কাৰণত বকেয়া ধন মোকোলাই দিয়া নাই এয়া উচ্চ পৰ্যায়ৰ বিভাগীয়হে কব পাৰিব বুলি স্পষ্ট কৰে । এতিয়া কথা হল, ধুবৰী উপসংমণ্ডল ডাকঘৰ কৰ্তৃপক্ষইহে গুৱাহাটীলৈ দৰমহা বিলখন পঠোৱা নাইনে গুৱাহাটী ডাকঘৰ কাৰ্যালয় পৰাই দৰমহাৰ বিল খন কোকৰাঝাৰ ডাকঘৰলৈ পঠোৱা নাই সেয়া এক লক্ষণীয় বিষয় হৈ পৰিছে ।

Intro:কোকৰাঝাৰ ডাক ঘৰ চৌহদত আজি কাকীপোছাকধাৰী সকলে পৰিবেশ উত্তাল কৰি তোলে। ডাক ঘৰত নিৰাপত্তা দিয়াৰ বাবে নিয়োজিত অসম হোমগাৰ্ড জোৱান সকলে ছয় মাহ ধৰি দৰমহা লাভ নকৰাৰ প্ৰতিবাদত কৰ্ম বিৰোধী কৰাৰ লগতে ডাকঘৰ চৌহদ উত্তাল কৰি তোলে।

Body:ধুবৰী উপসংমণ্ডল ডাকঘৰৰ অধীনত নিয়োজিত হোৱা মুঠ ছয়জন হোমগাৰ্ড যোৱা দিচেম্বৰ মাহৰ পৰা দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে। প্ৰতিমাহে 17,700 টকা দৰমহা হিচাবে প্ৰতি মাহে লাভ কৰিব লাগিছিল জুদিও আজি আঠ মাহ অতিক্ৰম হৈ যোৱাৰ পিছতো আজি লৈকে পোৱা নগল। জাৰকাৰণে জোৱান সকলে অনিৰ্দিষ্টকালীন কৰ্ম বিৰোধী কৰিছে লগতে ডাকঘৰ চৌহদত আজি পোষ্টাৰ,

বেনাৰ আদি লৈ বিভিন্ন শ্লোগানৰে উত্তাল কৰে।
কৰ্ম কৰিও দৰমহা নোপোৱাত ফলত পৰিয়াল পোপাল দিয়াত হা নচৰা অৱস্থা হোৱা বুলি কৈ অতি শীঘ্ৰে বকেয়া ধন মোকোলাই দিব দাবী জনাইছে জোৱান সকলে।

আনফালে কোকৰাঝাৰ ডাকঘৰৰ পোষ্ট মাষ্টাৰে সদৰী কৰে যে কোকৰাঝাৰ ডাকঘৰৰ পৰা যাবতীয় নথি আৰু তথ্য ঠিক সময়ত ধুবৰী উপসংমণ্ডলৈ পঠোৱা হৈ, কিন্তু উচ্চ পৰ্যায়ৰ ডাকঘৰ পৰিচালনাৰ পৰা কি কাৰণত বকেয়া ধন মোকোলাই দিয়া নাই এয়া উচ্চ পৰ্যায়ৰ বিভাগীয়হে কবপাৰিব বুলি স্পষ্ট কৰে।

Conclusion:এতিয়া কথা হল,ধুবৰী উপসংমণ্ডল ডাকঘৰ কৰ্তৃপক্ষইহে গুৱাহাটীলৈ দৰমহ বিলখন পঠোৱা নাইনে গুৱাহাটী ডাকঘৰ কাৰ্যালয় পৰাই দৰমহাৰ বিল খন কোকৰাঝাৰ ডাকঘৰলৈ পঠোৱা নাই সেয়া হৈছে লক্ষণীয় বিষয়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.