ETV Bharat / state

কোভিড-19 সন্ত্ৰাসঃ ভূটানৰ নাগৰিকক স্বাস্থ্য পৰীক্ষা

অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত কৰ'ণা ভাইৰাছৰ সন্দেহত ভূটানৰ নাগৰিকক স্বাস্থ্য পৰীক্ষা ৷ দেশ বিদেশৰ সৰ্বত্ৰত কৰ'ণা ভাইৰাছৰ আতংক ৷

health checkup
কোভিড-19 সন্ত্ৰাসঃ ভূটানৰ নাগৰিকক স্বাস্থ্য পৰীক্ষা
author img

By

Published : Mar 11, 2020, 1:44 PM IST

কোকৰাঝাৰ,11 মাৰ্চঃ সমগ্ৰ বিশ্বত কৰ'ণা ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰাকলৈ অসমৰ এটা চিকিৎসক দলে বিদেশী যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰিছে পশ্চিম অসমৰ দুৱাৰমুখ শ্ৰীৰামপুৰত। অসম -বংগ সীমান্তৰ শ্ৰীৰামপুৰত কৰ'ণা ভাইৰাছৰ সন্দেহত ভূটানৰ নাগৰিকক স্বাস্থ্য পৰীক্ষা। কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'লে কি কৰিব লাগিব তাৰ দিহা পৰামৰ্শ দিছে চিকিৎসকৰ দলটোৱে।

ভূটানৰ নাগৰিকক স্বাস্থ্য পৰীক্ষা
গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰৰ 31নং ঘাইপথত গোসাঁইগাঁও মহকুমা স্বাস্থ্য বিষয়া ডাঃ মলয় দেৱেৰ নেতৃত্বত চুবুৰীয়া দেশ ভূটানৰ আৰু অন্য ৰাজ্যৰ পৰা অহা যাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষা কৰে। চিকিৎসক জনে ভূটানৰ পৰা অহা নাগৰিক সকলক কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পৰা নিজকে কেনেকৈ আঁতৰাই ৰাখিব পাৰি সেই বিষয়ে পৰামৰ্শ আগবঢ়ায়। সকলোকে মাস্ক ব্যৱহাৰ কৰা,চেনিটাইজেছন কৰা আৰু জ্বৰ,চৰ্দি- কাঁহ হ'লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱাৰ বাবে ভূটানৰ নাগৰিক সকলক সজাগ হ'বলৈ পৰামৰ্শ আগবঢ়ায়। লগতে পঢ়কঃ কৰ'ণাভাইৰাছ আতংক : 35 শতাংশলৈ হ্ৰাস মূৰ্গীৰ বিক্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.