ETV Bharat / state

হাৰাফুটা নদীৰ খহনীয়াঃ আতংকিত গাঁওবাসী

author img

By

Published : Jul 9, 2019, 4:23 PM IST

অসম-বংগ সীমান্তৱৰ্তী হাৰাফুটা নৈৰ গৰাখহনীয়াই আতংকৰ সৃষ্টি কৰিছে গোসাঁইগাঁৱত ৷ ইতিমধ্যেই গাঁৱখনৰ বহুসংখ্যক মাটি খহনীয়াত জাহ গৈছে যদিও এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ অঞ্চলবাসীৰ ৷

গোসাঁইগাঁৱ হাৰাফুটা নদীৰ খহনীয়াঃ আতংকিত গাঁৱবাসী

গোসাঁইগাঁৱ, 9 জুলাইঃ অসম-বংগ সীমান্তৰে বৈ অহা হাৰাফুটা নৈৰ গৰাখহনীয়াত আতংকিত কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱ অঞ্চলবাসী ৷ গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰ অঞ্চলৰ অধিকাংশ খেতি-মাটিকে ধৰি অঞ্চলটোৰ বজাৰ-অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে নৈখনত সৃষ্টি হোৱা গৰাখহনীয়াই ৷

গোসাঁইগাঁৱ হাৰাফুটা নদীৰ খহনীয়াঃ আতংকিত গাঁৱবাসী

নৈখনৰ খহনীয়াক লৈ গাঁওবাসীয়ে স্থানীয় জনপ্ৰতিনিধিক বহুবাৰ আবেদন জনাইছে যদিও এতিয়ালৈকে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷ মডেল বিটিচিৰ কথা কোৱা বিটিএডি প্ৰশাসনৰ চূড়ান্ত হেমাহিৰ বাবেই এতিয়া এইদৰে আতংকৰ মাজেৰে জীৱন পাৰ কৰিবলগীয়া হৈছে বৃহত্তৰ গাঁওবাসীয়ে ৷

Intro:Story :- গোসাঁইগাঁৱৰ হাৰাফুটা নদীৰ তীব্ৰ খহনীয়া : নদীৰ বুকুত বিলীন খেতি মাটি : আশংকাত ভুগিছে ৰাইজে :

A : - অসম বংগ সীমান্ত অঞ্চলে দি বৈ যোৱা হাৰাফুটা নদীৰ তীব্র খহনীয়াই ৰাইজক আতংকিত কৰি তুলিছে। নদীৰ বুকুত বিলীন হৈছে খেতি মাটি। শ্ৰীৰামপুৰ বজাৰ-অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে নদীয়ে।

Body:

VO :- অসম বংগ সীমান্ত অঞ্চলে দি বৈ যোৱা হাৰাফুটা নদীয়ে ২৮ নম্বৰ গোসাঁইগাঁও বিধান সভা সমষ্টিৰ বৃহত্তৰ শ্ৰীৰামপুৰ অঞ্চলৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰাই নহয় প্ৰতিবছৰে খেতি মাটিৰ লগতে ভেটি মাটি খহাই নিছে। হাৰাফুটা নদীৰ বুকুত বৃহত্তৰ শ্ৰীৰামপুৰ অঞ্চলৰ জনবসতি অঞ্চলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে আৰু শ শ হেক্টৰ শস্য মাটি নদীত জাহ গৈছে।এই বেলিও বাৰিষাত নদীখনে ভেটি মাটি - খেতি মাটি খহাই নিয়াটো নিশ্চিত হৈ পৰিছে।সম্প্ৰতি এই নদীখনে শ্ৰীৰামপুৰ বজাৰৰ লগতে চৰকাৰী, বে - চৰকাৰী বহু অনুস্থান - প্ৰতিষ্ঠান লৈ ভাবুকি কঢ়িয়াই আনিছে। হাৰাফুটা নদীৰ প্ৰৱল খহনীয়াত শ্ৰীৰামপুৰ অঞ্চলৰ বহু পৰিয়াল সৰ্বস্ব হেৰুৱাবলৈ উপক্ৰম হৈছে তথাপিও জনপ্ৰতিনিধিৰ দৃষ্টি নপৰিল। Conclusion: উপায়হীন হৈ নদীৰ পাৰত আজিও বহু পৰিয়াল গৃহ সাজি আছে। এবছৰ পূৰ্বে হাৰাফুটা নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে দুটা বল্ডাৰৰ বেৰ দিছিল যদিও সেয়াৰে গৰাখহনীয়া ৰোধ কৰা অসম্ভব।

বিশ্বজিৎ চৌধুৰী, গোসাইগাঁও
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.