ETV Bharat / state

একে পৰিয়ালৰ 5 গৰাকীৰ আত্মহত্যা

কোকৰাঝাৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ গোঁসাইগাঁও থানাৰ অন্তৰ্গত তুলসীবিল বজাৰ এলেকাৰ এটা পৰিয়ালৰ 5 গৰাকী সদস্যই সোমবাৰে পুৱতি নিশা আত্মহত্যা কৰে ৷

Five members of a family commit suicide in Kokrajhar assam etv bharat news
একে পৰিয়ালৰ 5 গৰাকীৰ আত্মহত্যা
author img

By

Published : Nov 2, 2020, 1:10 PM IST

কোকৰাঝাৰ,2 নৱেম্বৰ: সোমবাৰে পুৱতি নিশা কোকৰাঝাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ জিলাখনৰ সদৰ গোঁসাইগাঁৱৰ অন্তৰ্গত তুলসীবিল বজাৰ এলেকাত এটা পৰিয়ালৰ 5 গৰাকী সদস্যই আত্মহত্যা কৰাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ জিলাখন ৷ গোঁসাইগাঁও আৰক্ষী চকীৰ অন্তৰ্গত নিৰ্মল পাল নামৰ ব্যক্তিগৰাকীৰ ঘৰত সংঘটিত হৈছে এনে হৃদয় বিদাৰক ঘটনা ৷ আত্মহত্যাৰ বলি হোৱা পৰিয়ালটোৰ সদস্যসকল ক্ৰমে নিৰ্মল পাল, মল্লিকা পাল, নিহা পাল, দীপা পাল আৰু পূজা পাল বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, পৰিয়ালটোৱে সুদীৰ্ঘ সময়ৰ পৰা অঞ্চলটোত বাস কৰি আহিছিল ৷ স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি, পৰিয়ালটোৰ সদস্যসকলক দেওবাৰে ঘৰৰ বাহিৰত প্ৰত্যক্ষ কৰা নাছিল চুবুৰীয়াই ৷ অৱশেষত সোমবাৰে পুৱা ফাঁচী লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় পৰিয়ালটোৰ সদস্যসকলৰ মৃতদেহ ৷

একে পৰিয়ালৰ 5 গৰাকীৰ আত্মহত্যা

লগতে চাওকঃ নিশা হঠাতে স্বাস্থ্যৰ অৱনতিঃ তৰুণ গগৈক পুনৰ হাস্পতালত ভৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.