কোকৰাঝাৰ, 14 ফেব্ৰুৱাৰী : আমেটিউৰ আৰ্টিছ সন্থা মুম্বাইৰ উদ্যোগত চাৰিদিনীয়া কাৰ্যসূচীৰে গোৱাৰ মদগাঁৱত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য, গীত আৰু বহুভাষী ড্ৰামা প্ৰতিযোগিতা ৷ 2 ফেব্ৰুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হয় এই প্ৰতিযোগিতা ৷ কোকৰাঝাৰ নৃত্য কলা একাডেমীৰ 12 গৰাকী প্ৰতিযোগীয়ে বিভিন্ন শিতানত অংশগ্ৰহণ কৰি সৰ্বমুঠ 17 টা বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত কোকৰাঝাৰ নৃত্য কলা একাডেমীয়ে শ্ৰেষ্ঠ দল হিচাপে সন্মান লাভ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, বৃহস্পতিবাৰে একাডেমীৰ অধ্যক্ষ প্ৰলয় দত্তই আয়োজন কৰা সম্বৰ্ধনা সভাত বিটিচিৰ অৱসৰপ্ৰাপ্ত মহিলা বিষয়া ৰোহিলা ব্ৰহ্ম আৰু সমাজ কৰ্মী অৰুণ বৰ্গয়াৰী উপস্থিত থাকি কৃতিত্ব অৰ্জন কৰা নৃত্য শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰে । বঁটা লাভ কৰিবলৈ সক্ষম হোৱা নৃত্য শিল্পী কেইগৰাকী ক্ৰমে প্ৰিয়ংকা দত্ত, ফুজি ব্ৰহ্ম, বিক্ৰম নিৰ্মল কুযুৰ, সীতা বাসুমতাৰী, জনী দে, ইস্মিতা শৰ্মা, ৰূপালী সুৰেন, মনিশা দেৱনাথ, দুৰ্গা দেৱী, জয়া বাসুমতাৰী, অৰ্জন দেৱনাথ আৰু ৰিয়া দাস ।
গোৱাত সুনাম বুটলিলে কোকৰাঝাৰৰ 12 গৰাকী নৃত্য শিল্পীয়ে
আমেটিউৰ আৰ্টিছ সন্থা মুম্বাইৰ উদ্যোগত গোৱাত চাৰিদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য, গীত আৰু বহুভাষী ড্ৰামা প্ৰতিযোগীতা ৷ গোৱাৰ মোদগাঁৱত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা ৷