কৰিমগঞ্জ,2 ফেব্ৰুৱাৰী : কৰিমগঞ্জৰ ধলছড়া পঞ্চায়তৰ অন্তৰ্গত বালিদিওড় গাঁৱত মঙলবাৰে দলঙৰ তলৰ পৰা এজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । মৃতদেহটো স্থানীয় যুৱক ছাজান উদ্দিনৰ বুলি জানিব পৰা গৈছে ৷
নেফাতুলা নলাৰ পানীত ওপঙি থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক দিয়ে ৷ ইয়া পাচতে আৰক্ষীয়ে জিলা দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
ইফালে মৃত যুৱক ছাজান উদ্দিনৰ পৰিয়ালে জনোৱা মতে, বিগত কিছুদিন ধৰি স্থানীয় আন একাংশৰ সৈতে কাজিয়া চলি আছিল ছাজান উদ্দিনৰ । সেয়েহে কাজিয়া চলি থকা একাংশ চুবুৰীয়াই ছাজান উদ্দিনক পৰিকল্পিতভাৱে হত্যা কৰি দলঙৰ তলত পেলাই দিয়াৰ সন্দেহ কৰা হৈছে ৷
সোমবাৰে নিশা 9 বজালৈকে ছাজানৰ সৈতে পৰিয়ালৰ যোগাযোগ হৈছিল যদিও তাৰ পাচৰ পৰা ম’বাইল ফোনত ৰিং বাজিছে যদিও ফোনৰ উত্তৰ পোৱা নগ’ল ৷ আৰক্ষীয়ে ইতিমধ্যে ছাজানৰ ম’বাইল বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে ৷
প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে জনায় যে, ছাজাৰ উদ্দিন পেচাত এজন অটো ৰিক্সাচালক আছিল যদিও বাংলাদেশৰ সৈতে চোৰাং গৰু সৰবৰাহত তেওঁ জড়িত থকাৰ অভিযোগ আছিল । সেয়েহে চোৰাং গৰু সৰবৰাহকাৰী চক্ৰই এই হত্যাকাণ্ড সংঘটিত কৰাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : কাজিৰঙাত উদ্ধাৰ মৃত বাঘৰ পোৱালী