কৰিমগঞ্জ, 17 নৱেম্বৰঃ কৰিমগঞ্জত সংঘটিত জঘন্য গণ ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত আটাইকেইটা অপৰাধীক বাহনসহ 12 ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল কৰিমগঞ্জ আৰক্ষী ৷ কৰিমগঞ্জ আৰক্ষীৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰি এই কথা আনুষ্ঠানিক ভাৱে সদৰি কৰে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
সংবাদমেলত আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰি কৰা অনুসৰি উক্ত ঘটনাৰ সন্দৰ্ভত অৱগত হোৱাৰ পাচতেই কৰিমগঞ্জ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অনুসন্ধান চলাই আব্দুল আহাদ নামৰ এটা লম্পটক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পিচতে আন চাৰিটা লম্পটকো 12 ঘন্টাৰ ভিতৰত কৰিমগঞ্জৰ বিভিন্ন স্থানৰ পৰা আটক কৰে কৰিমগঞ্জ আৰক্ষীয়ে ৷
উল্লেখ্য যে, শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা মাতৃক সাক্ষাৎ কৰিবলৈ অহা ত্ৰিপুৰাৰ দুই যুৱতীক 13 নৱেম্বৰত ধৰ্ষণ কৰিছিল 5 পাঁচটাকৈ লম্পটে ৷ ত্ৰিপুৰাৰ এই দুই দুৰ্ভগীয়া যুৱতীয়ে শিলচৰত চিকিৎসাধীন নিজ মাতৃক সাক্ষাৎ কৰিবলৈ আহিছিল ৷ মাতৃক সাক্ষাৎ কৰি ত্ৰিপুৰালৈ ওভটাৰ বাবে দুয়ো এখন অল্ট’ বাহন ভাড়া কৰিছিল ৷ কিন্তু নিশা প্ৰায় 1 বজাত বাহনখনৰ চালকে অন্য এক পথেৰে নি কৰিমগঞ্জৰ নিলামবজাৰৰ এটি নিৰ্মিয়মান অট্টালিকাত দুয়ো যুৱতীকে বন্দী কৰি আন চাৰিজন লোকেৰে মিলি ধৰ্ষণ কৰিছিল ৷
লগতে পঢ়কঃহোজাই জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন