কৰিমগঞ্জ, 22 জানুৱাৰীঃ আধুনিক পৃথিৱীৰ যানজঁটৰ সমস্যাই জুৰুলা কৰিছে সমগ্ৰ বিশ্বক ৷ তীব্ৰ যান-জঁটৰ বাবেই সন্মুখীন হ'বলগীয়া হয় বিভিন্ন সমস্যাৰ ৷ অসমৰ প্ৰতিখন চহৰতো প্ৰধান সমস্যা হিচাপে দেখা দিছে যান-জঁটে ৷ কিন্তু এক ব্যতিক্ৰম ৰূপত দেখা গৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰামৰ ৰাজধানী আইজল চহৰ ৷ এই চহৰখনত নাই কোনো ধৰণৰ যান-জঁট ৷
সম্পূৰ্ণ যানজঁটমুক্ত এই চহৰখনৰ ট্ৰেফিক ব্যবস্থায়ো দৃষ্টি আকৰ্ষণ কৰিছে দাঁতিকাষৰীয়া ৰাজ্যৰ বাসিন্দাসকলক ৷ কিয়নো এই চহৰত প্ৰতিগৰাকী চালকে যান-বাহনৰ নীতি মানি চলাচল কৰে ৷ কোনো এজন চালকে অ'ভাৰটেক নকৰে আন এখন বাহনক ৷ চহৰখনত চালকসলে হৰ্ণ বজাই নকৰে শব্দ প্ৰদূষণ ৷ দুচকীয়া বাহনৰ চালকেও হেলমেট পৰিধানকে ধৰি মানি চলে সকলো নীতি-নিয়ম ৷ যাৰ বাবে ওচৰ চুবুৰীয়াৰ ৰাজ্যসমূহৰ বাবে আইজল হৈ পৰিছে একপ্ৰকাৰ উদাহৰণস্বৰূপ ৷
আৰু পঢ়কঃ শ্ৰেণী বৰ্জন কৰি গণ প্ৰতিবাদ সাব্যস্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ