ETV Bharat / state

YouTube চাই চাই কৰিমগঞ্জৰ যুৱকে বনালে ড্ৰ’ন কেমেৰাৰ লগতে এখন হেলিকপ্টাৰ

আচৰিত ! কাৰিকৰী শিক্ষা গ্ৰহণ নকৰাকৈয়ে নিজ শ্ৰম আৰু ইউটিউব চাই চাই প্ৰস্তুত কৰি উলিয়ালে ড্ৰ’ন কেমেৰাৰ লগতে এখন হেলিকপ্টাৰ ।

অভিজিতে সাজি উলিয়ালে ড্ৰন কেমেৰাযুক্ত এখন হেলিকপ্টাৰ

author img

By

Published : Mar 10, 2020, 1:03 AM IST

কৰিমগঞ্জ, 9 মাৰ্চঃ কৰিমগঞ্জ জিলাৰ এগৰাকী যুৱকৰ অদ্ভুত কাৰ্য ৷ চৰকাৰী সাহাৰ্য অবিহনেই মেধাৰ বিকাশ ঘটাবলৈ সক্ষম হৈছে কৰিমগঞ্জ জিলাৰ অভিজিৎ দাস নামৰ যুৱকজনে । পেছাত উক্ত যুৱকজন বেচৰকাৰী আৰ্ট শিক্ষক । মাহেলি যি উপাৰ্জন কৰে সেই টকাৰে নিজৰ মাতৃৰ লগতে ভন্টিক প্রতিপালন কৰি আহিছে যুৱকজনে । কিন্তু তাৰ মাজতো নিজৰ মেধাৰ বিকাশ ঘটাই নিজ শ্ৰম আৰু ইউটিউবৰ জৰিয়তে প্ৰস্তুত কৰি উলিয়াইছে ড্ৰ’ন কেমেৰাৰ লগতে এখন হেলিকপ্টাৰ ।

অভিজিতে সাজি উলিয়ালে ড্ৰন কেমেৰাযুক্ত এখন হেলিকপ্টাৰ

ইচ্ছাশক্তি আৰু মেধা থাকিলে যে সকলো কামে সম্ভৱ সেইয়া প্ৰমাণ কৰি দেখুৱাইছে এই গৰাকী কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ যুৱকে । বৰ্তমান তেওঁক লৈ ব্যাপক চৰ্চা চলিছে জিলাখনত। ড্ৰ’ন কেমেৰা আৰু হেলিকপ্টাৰ দেখিবলৈ প্ৰতিদিনে তেওঁৰ ঘৰত প্ৰচুৰ লোকৰ সমাগম ঘটিছে । কিন্তু এতিয়াও এই সকলৰ পৰা যেন বহু দূৰৈত চৰকাৰৰ সাহাৰ্য সমূহ ৷ অৰ্থৰ অভাৱত ইমানতে থমকি ৰ'ব নেকি এইগৰাকী মেধা যুৱকজন !

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.