কৰিমগঞ্জ,7 মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে নিৰ্বাচন আয়োগ । কৰিমগঞ্জৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে আৰক্ষীৰ তালাচী অভিযান । ৰাজ্যত নিৰ্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তালাচী চলাই আৰক্ষী আৰু ফ্লায়িং স্কোৱাডে নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে ৷ শনিবাৰে ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত ঈশান ছৰা অঞ্চলত এখন ব্যক্তিগত বাহনৰ পৰা উদ্ধাৰ কৰা হৈছে নগদ 20 লাখ টকা ।
ML 05 U 4781 নম্বৰৰ বাহনখনত তালাচী চলাই বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে ষ্টেটিক ছাৰ্ভিলেঞ্চ টিমে ।
লগতে পঢ়ক: পুৰণিগুদামৰ জামে মছজিদত চুৰিকাণ্ড