কৰিমগঞ্জ, 24 এপ্ৰিলঃ লক ডাউনৰ মাজত গৃহবন্দী হৈ থকা অৱস্থাত গৃহহীন হ'বলগীয়া হল কৰিমগঞ্জৰ প্ৰায় পাঁচ শতাধিক পৰিয়াল । কাৰণ বৰদৈছিলাই তচনচ কৰি গ'ল কৰিমগঞ্জ জিলাৰ পাথৰকান্দি সমষ্টিৰ অন্তৰ্গত অসম মিজোৰাম আৰু অসম ত্ৰিপুৰা সীমান্ত এলেকাৰ বহুকেইটা ঘৰ ।
বৃহস্পতিবাৰে অহা ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হয় বহু কেইটা ঘৰ । ঘৰৰ টিন পাত উৰুৱাই নিয়াৰ লগতে বাঁহেৰ নিৰ্মিত বহুকেইটা ঘৰ ভাঙি থৈ যায় ধুমুহাই । বিশেষকৈ ক্ষতিগ্ৰস্ত হয়,ৰখা,তাৰাপুৰ,বলিয়াপুঞ্জী,আদিনগৰ,বালিপিপলা,পিপলাচৰা,ডেংগাৰবন্দ,মানিকবন্দ,আদিকে ধৰি কেবাখনো গাঁও ।
ইপিনে প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত ব্যাহত হৈছে বিদ্যুৎ যোগান ব্যৱস্থা। লক ডাউনৰ ফলত এনেই সাধাৰণ লোকৰ জীৱন যাপনত ব্যাঘাত হৈ আছিল, তাতেই ধুমুহাই কৰা ক্ষতিয়ে লোক সকলৰ দুৰ্দশা আৰু অধিক বৃদ্ধি কৰিলে। প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে গৃহহাৰা লোকৰ খবৰ লোৱাৰ বাবে কোনো এজন লোক অঞ্চল সমূহত নোযোৱাৰ অভিযোগ উত্থাপিত হৈছে ।
লগতে পঢ়কঃ প্ৰথমবাৰৰ বাবে মা কামাখ্যা ধামত অনুষ্ঠিত নহয় অম্বুবাচী মেলা