ETV Bharat / state

পাথাৰকান্দিত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা শ্বহীদ দিৱস

আজি বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা শ্বহীদ দিৱস । এই উপলক্ষে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিত পালন কৰা হয় বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা শ্বহীদ দিৱস ৷

আজি বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা শ্বহীদ দিৱস
পাথাৰকান্দিত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা শ্বহীদ দিৱস
author img

By

Published : Mar 16, 2021, 2:25 PM IST

কৰিমগঞ্জ,16মাৰ্চ: আজি বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা শ্বহীদ দিৱস । 24 বছৰ পূৰ্বে অৰ্থাৎ 1996 চনৰ আজিৰ দিনটোত আছিল বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা স্বীকৃতিৰ দাবীত 501 ঘন্টীয়া ৰে’ল অবৰোধ আন্দোলন । আন্দোলনৰ প্ৰথম শাৰীত আছিল 31 বছৰ বয়সৰ সংগ্ৰামী নেত্ৰী সুদেষ্ণা সিংহ ।

পাথাৰকান্দিত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা শ্বহীদ দিৱস

আন্দোলন চলি থকাৰ সময়ত গুলিৰ শব্দই আজিও কঁপাই তুলে পাথাৰকান্দিৰ বিলবাৰী অঞ্চল ৷ আৰক্ষীৰ গুলিত অতি নিৰ্মমভাবে প্ৰাণ হেৰুৱাইছিল এই গৰাকী সংগ্ৰামী যুৱতীৰ লগতে আন বহু লোকে ।

ইয়াৰ পিছতে 1999 চনত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাই চৰকাৰী ভাবে স্বীকৃতি লাভ কৰে যদিও আজিকোপতি এই আন্দোলনত শ্বহীদ পৰিয়ালৰ লগতে আন্দোলনত অংশ গ্ৰহণ কৰা বহু লোকে পোৱা নাই চৰকাৰী কোনো সাহায্য । আজি কৰিমগঞ্জ জিলাৰ বিভিন্ন স্থানৰ লগতে জিলাখনৰ পাথাৰকান্দি সমষ্টিত গভীৰ শ্ৰদ্ধাৰে পালন কৰা হয় শ্বহীদ দিৱস ।

অন্য এক খবৰৰ বাবে: নাৰায়ণপুৰত ভয়ংকৰ অগ্নিকাণ্ড:তিনিটা পৰিয়ালৰ বাসগৃহ ভষ্মীভূত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.