ETV Bharat / state

কাৰ্বি আংলঙত Covid 19 ত আক্ৰান্ত হৈ এজনৰ মৃত্যু - ডিফু

দেওবাৰে দুপৰীয়া হোম কোৱাৰেন্টাইনত থকা অৱস্থাতে লোকজন গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৷ পৰিয়ালৰ লোকে লোকজনক বকলীয়াঘাট স্বাস্থ্য কেন্দ্ৰৰ সহায়ত ১০৮ যোগে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যায় যদিও আদবাটতে তেওঁৰ মৃত্যু হয় । মৃত্যুৰ পূৰ্বে অৰুণ কাকতিৰ দেহত কোভিড ১৯ ৰ লক্ষণ প্ৰতিফলিত হোৱাত বিভাগীয় কৰ্তৃপক্ষই তেওঁক পুনৰ স্বাৱ টেষ্টৰ বাবে পঠিয়াই ৷

ARUN KAKOTY
কাৰবি আংলঙত Covid 19 ত আক্ৰান্ত হৈ এজনৰ মৃত্যু
author img

By

Published : Jun 8, 2020, 6:59 PM IST

ডিফু, 8 জুনঃ ৰাজ্যত কোভিদ 19 ত প্ৰাণ গ'ল অৰুণ কাকতি নামৰ এজন লোকৰ ৷ ইয়াকে লৈ অসমত কোভিড 19 ত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা ৫ জনলৈ বৃদ্ধি ৷ প্ৰাপ্ত খবৰ অনুসৰি, চেন্নাইৰ ব্যক্তিগত কোম্পানীত কৰ্মৰত কাৰ্বি আংলঙৰ বকলীয়াঘাট চূণপোৰা নিবাসী অৰুণ কাকতি (৫৮) নামৰ লোকজন 26 মে’ত ডিফুত উপস্থিত হোৱাৰ পিছত বকলীয়াঘাটৰ ৰূকাছেন মহাবিদ্যালয়ৰ সমীপত কোৱাৰেন্টাইনত আছিল । উল্লেখযোগ্য যে বিভাগীয় কৰ্তৃপক্ষই কোৱাৰেণ্টাইনত থকা অৱস্থাত লোৱা তেওঁৰ স্বাৱ টেষ্টৰ ৰিজাল্ট নিগেটিভ ওলোৱাত লগতে তেওঁৰ কোৱাৰেন্টাইনৰ ম্যাদ শেষ হোৱাত তেওঁক কেইদিনমানৰ পূৰ্বে হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰে ।

দেওবাৰে দুপৰীয়া হোম কোৱাৰেন্টাইনত থকা অৱস্থাতে লোকজন গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৷ পৰিয়ালৰ লোকে লোকজনক বকলীয়াঘাট স্বাস্থ্য কেন্দ্ৰৰ সহায়ত ১০৮ যোগে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যায় যদিও আদবাটতে তেওঁৰ মৃত্যু হয় । মৃত্যুৰ পূৰ্বে অৰুণ কাকতিৰ দেহত কোভিড ১৯ ৰ লক্ষণ প্ৰতিফলিত হোৱাত বিভাগীয় কৰ্তৃপক্ষই তেওঁক পুনৰ স্বাৱ টেষ্টৰ বাবে পঠিয়াই ৷ দেওবাৰে সেই স্বাৱ টেষ্টৰ ৰিজাল্ট পজিটিভ পোৱা গৈছিল ৷

লগতে পঢ়কঃ নীতি-নিৰ্দেশনাৰ মাজেৰে মুকলি মহানগৰীৰ মছজিদ,গুৰুদ্বাৰ

তেওঁৰ মৃত্যুৰ কাৰণ নিশ্চত হোৱাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই পুনৰ তেওঁৰ স্বাৱ গ্ৰহণ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷ জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই সাংবাদিকক জানিবলৈ দিয়া অনুসৰি মৃত অৰুণ কাকতিৰ মৃতদেহ সম্পূৰ্ণ ক'ভিড ১৯ ৰ নীতি-নিৰ্দেশনা অনুসৰি ডিফু-লামডিং পথৰ ৮ কিল' নামৰ ঠাইত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে দিয়া ভূমিত সৎকাৰ কৰা হব ৷ লগতে অৰুণ কাকতিৰ বাসগৃহৰ চূণপুৰাত কনটেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে বুলিও জানিবলৈ দিয়ে জিলা উপায়ুক্তগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.