কাৰ্বি আংলং, ১৭ মে': বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে বৈঠালাংছ'ৰ তুমপ্ৰেং তৰাডুবি গাঁৱত কৰুণ ভাৱে মৃত্যুক সাৱটি ল'ব লগা হৈছে এজনী মাইকী হাতীয়ে । নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা গাঁওখনত প্ৰৱেশ কৰা হাতীৰ জাকটোৰ এজনী হাতীয়ে উভটি যোৱা পথত কম উচ্চতাত থকা ১১০০০ ভল্টৰ বিদ্যুত পৰিবাহী তাঁৰত লাগি ধৰে । ফলত সেই স্থনতেই কৰুণ মৃত্যুক আঁকোৱালি লয় হাতীজনীয়ে ।
ঘটনাৰ পাছতেই বন আৰু বিদ্যুৎ বিভাগৰ লোক আহি ঘটনাস্থলীত উপস্থিত হৈছেহি ।