ৰঙিয়া, 10 অক্টোবৰ : ৰাজ্যত অব্যাহত আছে চোৰৰ তিঘিল-ঘিলনী (Thief case increase in Assam) ৷ অসম আৰক্ষীৰ ভিন্ন পন্থায়ো যেন নাকী লগাব পৰা নাই চোৰক ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ এইবাৰ চোৰে সিন্ধি দিলে ৰঙিয়াৰ ব্ৰিকফিল্ড ক’লনিত (Rangia thief case) ৷
ঘটনাৰ বিৱৰণি অনুসৰি, বিগত কেবাদিন ধৰি ঘৰত নাছিল ৰে’ল বিভাগত কৰ্মৰত চিত্ৰা বড়ো আৰু তেওঁৰ পৰিয়াল ৷ তাৰেই সুযোগ গ্ৰহণ কৰিছিল চোৰে ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ ৰঙিয়াৰ ব্ৰিকফিল্ড ক’লনিত দেওবাৰে নিশা চিত্ৰা বড়োৰ ঘৰত হাত চাফাই অভিযান চলালে চোৰে ৷
চোৰে ঘৰটোৰ সমগ্ৰ আচবাব লণ্ড-ভণ্ড কৰাৰ লগতে লুটি লৈ যায় নগদ আঠ হেজাৰ টকা ।
সংবাদ মাধ্যমৰ আগত গৃহস্থই উল্লেখ কৰা অনুসৰি, চোৰে বিশেষ একো ক্ষয়-ক্ষতি কৰিবলৈ সক্ষম নহ’ল যদিও ভয় আৰু শংকাত সময় পাৰ কৰিছে চিত্ৰা বড়ো আৰু তেওঁৰ পৰিয়ালে ৷ এই সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী চিত্ৰা বড়োৱে কাষ চাপিছে আৰক্ষীৰ ৷
উল্লেখ্য যে, এদিন পূৰ্বে একেখিনি ঠাইতে অৰ্থাৎ চিত্ৰা বড়োৰ বাসগৃহৰ পৰা কিছু নিলগত থকা আন এটা বাসগৃহত একেধৰেণেই গৃহস্থ নথকাৰ সুযোগ লৈ চুৰিকাণ্ড সংঘটিত কৰিছিল চোৰে । ৰঙিয়াত সংঘটিত হোৱা এনে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া সময়তহে হ’ব লক্ষণীয় ৷
লগতে পঢ়ক : সুৰাৰ ৰাগীত গৰ্ভৱতী পত্নী আৰু দুবছৰীয়া কন্যাক ঘপিয়াই হত্যা এজন লোকৰ