গুৱাহাটী, 26 জুলাই : গ্ৰীষ্মকালীন অসম বিধানসভা অধিবেশনৰ সময়তে লাষ্টগেটত বিভিন্ন দল-সংগঠনৰ উত্তাল প্ৰতিবাদ ৷ আজিৰে পৰা ছয়দিনীয়াকৈ আৰম্ভ হোৱা গ্ৰীষ্মকালীন অসম বিধানসভা অধিবেশনৰ সময়ত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্বনেল, অসম সংগ্ৰামী মঞ্চ আৰু চি পি আইয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অসমৰ পাঁচটা জ্বলন্ত সমস্যাৰাজি সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অসম সংগ্ৰামী মঞ্চই । প্ৰতিবাদকাৰীসকলে অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি প্ৰতিটো পৰিয়ালৰ সম্পূৰ্ণ পুনৰ সংস্থাপন নিশ্চিত কৰক, সকলো ধৰণৰ নিযুক্তিত বিষয়া পৰ্যায়ত 80 শতাংশ আৰু তৃতীয়/চতুৰ্থ বৰ্গত 100 শতাংশ পদ থলুৱা যুৱক-যুৱতীৰ বাবে সংৰক্ষণ কৰক আৰু নিযুক্তিৰ পৰীক্ষাত 50 নম্বৰৰ মাতৃভাষা আৰু 50 নম্বৰৰ ৰাজ্যভাষাৰ প্ৰশ্ন বাধ্যতামূলক কৰক, ঠিকা ভিত্তিক 41 হাজাৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰক, গুৱাহাটীৰ প্ৰতিটো ভূমিহীন পৰিয়ালক 1 কঠা 5 লেছা মাটি আবন্টন কৰক আৰু পথ ব্যৱসায়ী সকলৰ ওপৰত হাৰাশাস্তি বন্ধ কৰি তেওঁলোকক আইনগতভাৱে প্ৰাপ্য সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰক - এই পাঁচটা দাবীৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰীসকলে । ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্বনেল আৰু চি পি আইয়ে বান সমস্যা আৰু এন আৰ চি বিষয় সমাধানৰ বাবে দাবী জনায় ৷ লগতে, মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷
আৰম্ভ হ'ল অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশন ; উত্তাল লাষ্টগেট - মুখ্যমন্ত্ৰী
লাষ্টগেটত তিনি সংগঠনৰ উত্তাল প্ৰতিবাদ ৷ জ্বলন্ত সমস্যাৰাজি সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত অসম সংগ্ৰামী মঞ্চ, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্বনেল, চি পি আইৰ
গুৱাহাটী, 26 জুলাই : গ্ৰীষ্মকালীন অসম বিধানসভা অধিবেশনৰ সময়তে লাষ্টগেটত বিভিন্ন দল-সংগঠনৰ উত্তাল প্ৰতিবাদ ৷ আজিৰে পৰা ছয়দিনীয়াকৈ আৰম্ভ হোৱা গ্ৰীষ্মকালীন অসম বিধানসভা অধিবেশনৰ সময়ত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্বনেল, অসম সংগ্ৰামী মঞ্চ আৰু চি পি আইয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অসমৰ পাঁচটা জ্বলন্ত সমস্যাৰাজি সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অসম সংগ্ৰামী মঞ্চই । প্ৰতিবাদকাৰীসকলে অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি প্ৰতিটো পৰিয়ালৰ সম্পূৰ্ণ পুনৰ সংস্থাপন নিশ্চিত কৰক, সকলো ধৰণৰ নিযুক্তিত বিষয়া পৰ্যায়ত 80 শতাংশ আৰু তৃতীয়/চতুৰ্থ বৰ্গত 100 শতাংশ পদ থলুৱা যুৱক-যুৱতীৰ বাবে সংৰক্ষণ কৰক আৰু নিযুক্তিৰ পৰীক্ষাত 50 নম্বৰৰ মাতৃভাষা আৰু 50 নম্বৰৰ ৰাজ্যভাষাৰ প্ৰশ্ন বাধ্যতামূলক কৰক, ঠিকা ভিত্তিক 41 হাজাৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰক, গুৱাহাটীৰ প্ৰতিটো ভূমিহীন পৰিয়ালক 1 কঠা 5 লেছা মাটি আবন্টন কৰক আৰু পথ ব্যৱসায়ী সকলৰ ওপৰত হাৰাশাস্তি বন্ধ কৰি তেওঁলোকক আইনগতভাৱে প্ৰাপ্য সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰক - এই পাঁচটা দাবীৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰীসকলে । ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্বনেল আৰু চি পি আইয়ে বান সমস্যা আৰু এন আৰ চি বিষয় সমাধানৰ বাবে দাবী জনায় ৷ লগতে, মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷
Body:
আজিৰে পৰা ছয়দিনীয়াকৈ আৰম্ভ হোৱা গ্ৰীষ্মকালীন অসম বিধানসভা অধিবেশনত অসমৰ বান সমস্যাকে ধৰি এন আৰ চি সম্বন্ধীয় আন কেবাটাও বিষয়ক লৈ আলোচনা কৰাৰ সময়তে সদনৰ বাহিৰত লাষ্টগেটত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰণেশ্বনেল, অসম সংগ্ৰামী মঞ্চ আৰু চি পি আইয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
অসম বিধানসভাৰ চলিত অধিবেশনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ জ্বলন্ত সমস্যাৰাজিৰ অন্যতম পাঁচটা বিষয়ৰ প্ৰতি অসম সংগ্ৰামী মঞ্চই দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি প্ৰতিটো পৰিয়ালৰ সম্পূৰ্ণ পুনঃসংস্থাপন নিশ্চিত কৰক, সকলো ধৰণৰ নিযুক্তিত বিষয়া পৰ্যায়ত ৮০ শতাংশ আৰু তৃতীয়/চতুৰ্থ বৰ্গত ১০০ শতাংশ পদ থলুৱা যুৱক-যুৱতীৰ বাবে সংৰক্ষণ কৰক আৰু নিযুক্তিৰ পৰীক্ষাত ৫০ নম্বৰৰ মাতৃভাষা আৰু ৫০ নম্বৰৰ ৰাজ্যভাষাৰ প্ৰশ্ন বাধ্যতামূলক কৰক, ঠিকা ভিত্তিক ৪১ হাজাৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰক, গুৱাহাটীৰ প্ৰতিটো ভূমিহীন পৰিয়ালক ১ কঠা ৫ লেছা মাটি আবন্টন কৰক আৰু পথ ব্যৱসায়ী সকলৰ ওপৰত হাৰাশাস্তি বন্ধ কৰি তেওঁলোকক আইনগতভাৱে প্ৰাপ্য সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰক এই পাঁচটা দাবীৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।
ভোটাৰ্ছ পাৰ্টি ইণ্টাৰণেশ্বনেল আৰু চি পি আইয়ে বান সমস্যা আৰু এন আৰ চি বিষয়ক লৈ প্ৰতিবাদ সাব্যস্ত কৰি দাবী জনায় কয় যে কেন্দ্ৰ চৰকাৰে অসমক মাহী আইৰ দৃষ্টিৰে চাইছে। অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰি মৃত্যুমুখলৈ যোৱা লোকসকলৰ উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰি তোলক আৰু এন আৰ চিত নাম বাদ পৰা ৪০ লাখ মানুহক যদিহে ডিটেনচন কেম্পত ৰাখে তেনেহলে সেই মানুহখিনিক ভৰণ-পোষণ দিয়াৰ নামত প্ৰতি মাহে ১২০০ কোটি টকা দিব লাগিব।
Byte তিনি দল সংগঠন
Conclusion:ৰাজ্যৰ ভিন্ন জিলাৰ পৰা অহা দলৰ কৰ্ম-কৰ্তাই হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদকাৰী সকলে কয় যে এইক্ষেত্ৰত চৰকাৰে যদিহে উচিত পদক্ষেপ নলয় তেনেহলে অনাগত দিনত ইয়াতকৈ অধিক ভয়াৱহ কৰি তুলিব।
ইয়াৰ পাছতে প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
Asrar Ansari
গুৱাহাটী