দক্ষিণ কামৰূপ, 2 জুলাই : চুৰি লো ক্ৰয় কৰি আৰক্ষীৰ জালত এগৰাকী মহিলা ৷ চুৰি সামগ্ৰী ক্ৰয় কৰাৰ অপৰাধতে ছয়গাঁও কুকুৰমাৰাৰ কল্যাণী দাস নামৰ মহিলাগৰাকীক আটক কৰে বিজয়নগৰ আৰক্ষীয়ে । ঘটনাৰ বিৱৰণী অনুসৰি, ছয়গাঁৱৰ এটা কোম্পানীৰ পৰা গাড়ীৰ চালকসহ ৭গৰাকী চোৰে প্ৰায় ১টন লো চোৰ কৰি বিক্ৰী কৰিছিল ভিন্ন ঠাইত ৷
কোম্পানীটোৰ পৰা হোৱা এই চুৰিকাণ্ডৰ ঘটনাক লৈ পূৰ্বে পলাশবাৰী আৰক্ষী থানাত দাখিল হৈছিল এক এজাহাৰ ।
এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি চুৰি সামগ্ৰী বিক্ৰী কৰা তথ্যসমূহ লাভ কৰিছিল বিজয়নগৰ আৰক্ষীয়ে । লগতে কিছুদিন পূৰ্বে আটক কৰিছিল শংকৰ দাস,ডিম্বেশ্বৰ দাস,পংকজ দাস,মনজিৎ দাস,ৰুবুল দাস আৰু গাড়ীসহ চালক ৰূপম মালীক ৷ কিন্তু তাৰ পাচতো পলাতক অৱস্থাত আছিল ভাস্কৰ মালী নামৰ এজন চোৰ ৷