ETV Bharat / state

মিৰ্জাত সংঘটিত পথ দুৰ্ঘটনাক লৈ সজাগতা সভা - মিৰ্জাত পথ সুৰক্ষা সজাগতা সভা

মিৰ্জাত আগন্তুক শীতকালত কুঁৱলীৰ আচ্ছাদনত পথত চলাচল কৰাৰ লগতে বনভোজস্থলীলৈ যাওঁতে গাড়ী চালকে ল'বলগীয়া সাৱধানতা সন্দৰ্ভত "পথ সুৰক্ষা সজাগতা সভা" অনুষ্ঠিত কৰে কামৰূপ জিলা পথ সুৰক্ষা সমিতিয়ে

মিৰ্জাত পথ দুৰ্ঘটনাক লৈ সজাগতা সভা
author img

By

Published : Nov 21, 2019, 4:54 AM IST

দক্ষিণ কামৰূপ, 20 নৱেম্বৰ : বুধবাৰে কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত মহানগীৰৰ সমীপৰ মিৰ্জাত আগন্তুক শীতকালত কুঁৱলীৰ আচ্ছাদনত পথত চলাচল কৰাৰ লগতে বনভোজস্থলীলৈ যাওঁতে গাড়ী চালকে ল'বলগীয়া সাৱধানতা সন্দৰ্ভত "পথ সুৰক্ষা সজাগতা সভা" অনুস্থিত হয় । ইতিমধ্যে শীতকালত বনভোজ খাবলৈ আহি পথ দুৰ্ঘটনাত পতিত হৈ বহু লোক মৃত্যুমুখত পৰে লগতে কুঁৱলীৰ আচ্ছাদনৰ ফলতো বহুতো দুৰ্ঘটনা সংঘটিত হয় । সেয়ে এই ক্ষেত্ৰত ৰাইজক সজাগ আৰু সচেতনতা কৰাৰ উদ্দেশ্যে এই 'পথ সুৰক্ষা সজাগতা সভা' অনুস্থিত কৰা হয়।

পথ দুৰ্ঘটনাক লৈ সজাগতা সভা

অনুষ্ঠানটোত বনভোজলৈ যাওঁতে চালক তথা যাত্ৰীসকলে অধিক মদ্যপান কৰাৰ বাবে কেনেদৰে দুৰ্ঘটনা সংঘটিত হয় তাক উপলব্ধি কৰাবলৈ এখন বাটৰ নাটকো প্ৰদৰ্শন কৰা হয় ৷ এই সজাগতা সভাত উপস্থিত থাকে জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য,জিলা পৰিবহন বিষয়া গৌতম দাসৰ লগতে আৰক্ষী প্ৰশাসনৰ বহুতো লোক । জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই এই ক্ষেত্ৰত সকলো ৰাইজক পথ দুৰ্ঘটনা ৰোধত সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।

Intro:মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চ'কত সংঘটিত হ'ল দুৰ্ঘটনা ! সুৰাসেৱন কৰি চলাইছিল যাত্ৰীবাহী গাড়ী ! জিলা পৰিবহন বিষয়াৰ লগতে প্ৰসাশনৰ লোকে ল'লে আহতৰ যত্ন । দক্ষিণ কামৰূপৰ বনভোজস্থলীত বনভোজ খাবলৈ অহা লোকৰ ওপৰত তীক্ষ্ণ নজৰ থাকিব পৰিবহন বিভাগৰ ।
Body:Vo..সুৰাপানে কিমান ক্ষতি কৰিব পাৰে আপোনাৰ লগতে পৰিয়ালৰ ! বনভোজ খাবলৈ গৈ মিৰ্জাত দুৰ্ঘটনাত পতিত হ'ল এখন যাত্ৰীবাহি টাটা মেজিক । চালকৰ ভুলৰ লগতে বনভোজ খাবলৈ যোৱা লোকৰ বাবেই সংঘটিত দুৰ্ঘটনা ! কি চালক,কি বনভোজ খাবলৈ যোৱা লোক সকলো সুৰাৰ ৰাগিত মাতাল যেন ভালকৈ থিয় হবও নোৱাৰে কোনোৱে । সেই ঠাইতে আছিল পৰিবহন বিষয়া গৌতম দাস,জিলা উপায়ুক্তৰ লগতে আৰক্ষী প্ৰশাসনে লোক । জিলা পৰিবহন বিষয়াৰ লগতে প্ৰসাশনৰ লোকে আহতসকলোক উদ্ধাৰ কৰি ল'লে যত্ন । কিন্তু ৰব এয়া কোনো প্ৰকৃত দুৰ্ঘটনা নাছিল এয়া আছিল এখন বাটৰ নাট হে । কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আগন্তুক শীতকালত কুৱলীৰ আচ্ছাদনত পথত চলাচল কৰাৰ লগতে বনভোজস্থলীলৈ যাওতে গাড়ী চালকে ল'বলগীয়া সাৱধানতা সন্দৰ্ভত "পথ সুৰক্ষা সজাগতা সভা" অনুস্থিত হয় । কিয়ণো বিভিন্ন সময়ত দেখা যায় শীতকালত বনভোজ খাবকৈ আহি পথ দুৰ্ঘটনাত পতিত হৈ বহুতো লোক মৃত্যুমুখত পৰিবলগীয়া হৈছে লগতে কুৱলীৰ আচ্ছাদনৰ ফলতো বহুতো দুৰ্ঘটনা সংঘটিত হৈছে । এই সমুহ দু্ৰ্ঘটনাৰ পৰা লোকক সজাগ কৰাৰ উদ্দেশ্যে আজি অনুস্থিত হয় এই 'পথ সুৰক্ষা সজাগতা সভা' । এই সজাগতা সভাত উপস্থিত থাকে জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য,জিলা পৰিবহন বিষয়া গৌতম দাসৰ লগতে আৰক্ষী প্ৰশাসনৰ বহুতো লোক । জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগীতা লাগিব বুলি কয় ।

Bite1..DC

আনহাতে এই সজাগতা সভাতে পথচাৰীসকলোকো প্ৰচাৰপত্ৰ বিতৰন কৰাৰ লগতে লোকক সজাগতা কৰাৰ বাবে এক বাইক ৰেলীও ওলিওৱা হয় । লগতে জিলা পৰিবহন বিষয়াৰ সকীয়নি যদি বনভোজলৈ যোৱা চালকে সুৰাপান কৰি গাড়ী চলাই তেন্তে বাতিল হ'ব পাৰে চালকৰ অনুজ্ঞাপত্ৰও । এইবাৰ দক্ষিণ কামৰূপৰ বিভিন্ন বনভোজস্থলীলৈ যোৱা বাহনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব প্ৰশাসনে ।

Bite2..DTOConclusion:সাৱধান হওক সকলো দিহে সুৰাপান কৰি গাড়ী চলাই তেন্তে বাতিল হ'ব লাইচেঞ্চো । লগতে কুৱলীত আচ্ছাদনৰ পৰা সুৰক্ষিত হৈ চলাওক গাড়ী ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.