ETV Bharat / state

চিকিৎসা ব্যৱসায় নহয়, এয়া এক সেৱাহে: হিমন্ত বিশ্ব শৰ্মা

এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বুধবাৰে কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ বাইহাটাত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গেট শইকীয়া মাল্টিস্পেচিয়েলেটি হস্পিতালখন আনুষ্ঠানিকভাবে মুকলি কৰে ৷

চিকিৎসা ব্যৱসায় নহয়, এয়া এক সেৱাহে:হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Feb 24, 2021, 9:59 PM IST

বাইহাটা,24 ফেব্ৰুৱাৰী: বুধবাৰে কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ বাইহাটাত গেট শইকীয়া মাল্টিস্পেচিয়েলেটি হস্পিতালখন আনুষ্ঠানিকভাবে মুকলি কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চিকিৎসালয়খন ৰোগী সকলৰ বাবে সমৰ্পন কৰি মন্ত্ৰী গৰাকীয়ে কয়, চিকিৎসা ব্যৱসায় নহয়, এয়া এক সেৱাহে । গতিকে এই কথা শিৰোগত কৰি ৰাজ্যৰ ব্যক্তিগত চিকিৎসালয় সমূহে সেৱাৰ মানসিকতাৰে কাম কৰাটো শুভ লক্ষণ ।

চিকিৎসা ব্যৱসায় নহয়, এয়া এক সেৱাহে:হিমন্ত বিশ্ব শৰ্মা

চিকিৎসাৰ সেৱাৰ ক্ষেত্ৰত দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে থাকিব লগা অত্যাধুনিক সকলো সা-সুবিধা এই চিকিৎসালয়খনত থাকিব বুলি সদৰি কৰে মন্ত্ৰী গৰাকীয়ে ৷ ইফালে চৰকাৰে ৰাজ্যৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে গ্ৰহণ কৰা অটল অমৃত অভিযানকে ধৰি বিভিন্ন আঁচনিৰ সেৱা ব্যক্তিগত চিকিৎসালয় সমূহে প্ৰদান কৰি ৰাজ্যৰ স্বাস্থ্য খণ্ডত এক গুৰুত্বপূৰ্ণ অবদান আগবঢ়াইছে বুলিও মন্তব্য কৰে ।

আনহাতে, নিৰ্বাচনৰ দিন চমু চাপি অহা হেতুকে সাংবাদিকে কৰা এক নিৰ্বাচনকেন্দ্ৰিক প্ৰশ্নত মন্ত্ৰী গৰাকীয়ে কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ মন্ত্ৰী গৰাকীয়ে কয়,কংগ্ৰেছে এইবাৰ বাংলাদেশত চৰকাৰ গঠন কৰিব ৷

লগতে পঢ়ক: অসমক পুনৰ 6 মাহলৈ 'অশান্ত অঞ্চল' ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.