হাজো, 14 জুন : হাজোৰ সাতদলাত জনতাৰ ৰুদ্ৰমূৰ্তি । ৰাইজৰ ৰোষত জলসম্পদ বিভাগৰ ঠিকাদাৰ । ক্ষুদ্ধ ৰাইজে বাহন আৱদ্ধ কৰি বাহনৰ পৰা নৈত দলিয়ালে জিঅ' বেগ । গৰাখহনীয়া ৰোধৰ কাম সম্পূৰ্ণ নকৰাকৈ ঠিকাদাৰে নিজৰ বয়-বস্তু সামৰি লৈ যাব ওলোৱা ঘটনাত ক্ষুব্ধ স্থানীয় ৰাইজ৷
হাজোৰ সাতদলাবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যা পুঠিমাৰী নৈৰ গৰাখহনীয়া । শেহতীয়াভাবে হাজোস্থিত জলসম্পদ বিভাগে SDRF আঁচনিৰ অধীনত প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে গৰাখহনীয়া ৰোধৰ বাবে জিঅ' বেগৰ ব্যৱস্থা কৰিছিল যদিও এই কামত অলপো সন্তুষ্ট নহয় নৈপৰীয়া অঞ্চলটোৰ ৰাইজ । ৰাইজে দৈনিক অহা যোৱা কৰা মথাউৰিৰ আধা অংশ খান্দি জিঅ' বেগত ভৰাই মথাউৰিটো পুনৰ খনন কৰাত ঠিকাদাৰৰ লগতে হাজোৰ জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ বিৰুদ্ধে অগ্নিশৰ্মা স্থানীয় ৰাইজ । জিঅ' বেগত এক বিশেষ বালি মাটি ভৰাব লাগে যদিও ঠিকাদাৰে লাভৰ অংকত মথাউৰিৰ মাটিকে কাটি জিঅ' বেগত ভৰাই বিসংগতিপূৰ্ণ ভাৱে আঁচনি ৰূপায়ন কৰিবলৈ ওলোৱাত ক্ষুব্ধ হৈ পৰে সাতদলাবাসী ৰাইজ৷