ETV Bharat / state

কমলপুৰত নৃশংস হত্যা কাণ্ড সংঘটিত

author img

By

Published : Jan 27, 2021, 1:31 PM IST

নাতিয়েকৰ হাতত প্ৰাণ গ'ল আইতাকৰ । উল্লেখযোগ্য যে,শংকৰ বড়ো নামৰ যুৱকজনে প্ৰাণ ললে মনোৰমা বড়ো নামৰ নিজ আইতাকৰ ৷ সম্প্ৰতি আৰক্ষীয়ে কৰায়ত্ব কৰিছে শংকৰ বড়োক।

কমলপুৰত নৃশংস হত্যা কাণ্ড সংঘটিত
কমলপুৰত নৃশংস হত্যা কাণ্ড সংঘটিত

কামৰূপ,27 জানুৱাৰীঃ কমলপুৰৰ ধনুকা গাঁৱত নৃশংস হত্যাকাণ্ড সংঘটিত । নাতিয়েকৰ হাতত প্ৰাণ গ'ল আইতাকৰ । উল্লেখযোগ্য যে,শংকৰ বড়ো নামৰ যুৱকজনে প্ৰাণ ল'লে মনোৰমা বড়ো নামৰ নিজৰ আইতাকক ৷ সম্প্ৰতি আৰক্ষীয়ে কৰায়ত্ব কৰিছে শংকৰ বড়োক।

কমলপুৰত নৃশংস হত্যা কাণ্ড সংঘটিত

উল্লেখযোগ্য যে,কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত ধনুকাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড । মনোৰমা বড়ো( ৫৫) নামৰ মহিলাগৰাকীক নাতি শংকৰ (খগেন )বড়োৱে মঙলবাৰে নিশা গামোচাৰে ডিঙি চিপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ।

আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰীক আটক কৰাৰ লগতে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ জানিব পৰা মতে,আইতাকক যুৱকজনে দু-ব্যৱহাৰ কৰাৰ লগতে ঘৰৰ বয়বস্তু ভাঙি লণ্ড-ভণ্ড কৰি আহিছিল দীৰ্ঘ দিনৰ পৰা ৷ অৱশেষত যোৱা কালি গোমোচাৰে ডিঙি চেপি হত্যা কৰিছিল মহিলাগৰাকীক শংকৰ বড়ো নামৰ নিজ নাতিয়েকে ৷

লগতে পঢ়কঃ প্ৰাক্তন বিধায়িকা আৰতি কছাৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.