ETV Bharat / state

Flood situation in Assam: ৰঙিয়াৰ সমীপৰ বগৰীবাৰীত বন্যাৰ্তৰ হাহাকৰ

author img

By

Published : Jun 24, 2022, 10:37 PM IST

ৰঙিয়াৰ সমীপৰ বগৰীবাৰীত এতিয়া বন্যাৰ্তৰ হাহাকৰ ৷ মথাউৰিৰ ওপৰতে বাঁহ আৰু টিৰপাল টানি আশ্ৰয় শিবিৰ সাজি লৈ থাকিবলৈ বাধ্য হোৱা এইসকল বন্যাৰ্তই যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ( Flood victims crying for a drop of water and some foods in flood camp) । বিশেষকৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে মহিলাসকলে ।

Flood victims crying for a drop of water and some foods in  flood camp at Rangia
ৰঙিয়াৰ সমীপৰ বগৰীবাৰীত বন্যাৰ্তৰ হাহাকৰ

ৰঙিয়া, 24 জুন: ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাই বানৰ কৱলত পৰিছে (Flood situation in Assam)। লাহে লাহে বান পৰিস্থিতি উন্নত হৈছে যদিও ৰঙিয়াৰ সমীপৰ বগৰীবাৰীত এতিয়াও অপৰিৱৰ্তিত অৱস্থাত আছে বান পৰিস্থিতি (Flood at Rangia) ৷

কিছুদিন পূৰ্বে ৰঙিয়াৰ সমীপৰ বগৰীবাৰীত নিশা হঠাতে মথাউৰী ভাঙি যোৱাৰ সময়ত কোনোমতে নিজৰ প্ৰাণটো হাতৰ মুঠিত লৈ ওখ ঠাইলৈ ঢাপলি মেলিছিল নৈপৰীয়া ৰাইজে । ফলত মথাউৰিৰ ওপৰতে বাঁহ আৰু টিৰপাল টানি আশ্ৰয় শিবিৰ সাজি লৈ বহু অসুবিধাৰ মাজেৰে থাকিবলৈ বাধ্য হৈছে অঞ্চলটোৰ লোকসকল ৷ এনে পৰিস্থিতিত বিশেষকৈ মহিলাসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে । সম্প্ৰতি এটুপি পানীৰ বাবে হাহাকৰ কৰিব লগা অৱস্থা হৈছে এই সকল বানগ্ৰস্ত লোকে (Flood victims crying for a drop of water and some foods in flood camp) ৷

চৰকাৰৰ তৰফৰ পৰা ঠায়ে ঠায়ে দমকল বঢ়াই দিয়া হৈছে যদিও দমকলৰ পানী ঘোলা ওলোৱাৰ বাবে বিশুদ্ধ খোৱা পানীটুপিৰ অভাৱত পৰিছে শিবিৰবাসী । লগতে অনাময়ৰ বাবে ঠায়ে ঠায়ে শৌচালয় পাতি দিয়া হৈছে যদিও শৌচালয়সমূহ ব্যৱহাৰত যথেষ্ট অসুবিধাত পৰিছে মহিলাসকল ।

ইফালে বানাক্ৰান্ত ৰাইজে ভগ্ন মথাউৰী পৰিদৰ্শন কৰিবলৈ অহা চৰকাৰৰ নেতাসকলৰ লগতে মন্ত্ৰী বিধায়কসকলেও আঁতৰৰ পৰাই পৰিদৰ্শন কৰি আঁতৰি গৈছে বুলি অভিযোগ উত্থাপন কৰে ৷ বানাক্ৰান্ত এইসকল ৰাইজে অতি শীঘ্ৰে শিবিৰসমূহক গুৰুত্ব প্ৰদান কৰি পৰ্যাপ্ত খাদ্য, বিশুদ্ধ খোৱাপানী আৰু স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰিবৰ বাবে জনাইছে দাবী ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কৃষ্ণসদৃশ: সহায়ৰ ভিক্ষা বানাক্ৰান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.