ৰঙিয়া, ৪ অক্টোবৰ : বিজেপিৰ জিলা আৰু মৰ্চা সভাপতিক গাড়ী প্ৰদানৰ বিতৰ্ক সন্দৰ্ভত স্পষ্টীকৰণ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ (Assam BJP president Bhabesh Kalita) । উল্লেখ্য, বিগত কেইটামান দিন ধৰি বিজেপিৰ গাড়ীপ্ৰীতিক লৈ তুমুল চৰ্চা আৰু বিতৰ্ক চলি আছে ৰাজ্যৰ ৰাজনৈতিক মহলত । এই সম্পৰ্কত ৰাজ্যৰ বিৰোধী দলবোৰেও তীব্ৰ সমালোচনা কৰিছে ৰাজ্যিক বিজেপিক ।
উল্লেখ্য, শেহতীয়াভাৱে ৰাজ্যিক বিজেপিয়ে ইয়াৰ জিলা সমিতিসমূহক একোখনকৈ বলেৰো (BOLERO) গাড়ী বিভিন্ন মৰ্চাসমূহক একোখনকৈ স্কৰপিঅ' (SCORPIO) প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Assam BJP to give Bolero to Dist Committee) । অহা ৮ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় উদ্বোধনী (Assam BJP new office opening ceremony) অনুষ্ঠানত এই গাড়ীবোৰ প্ৰদান কৰা হ'ব । উক্ত কাৰ্যসূচীত উপস্থিত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (BJP national president JP Nadda) আৰু গৃহমন্ত্ৰী অমিত শ্বাহ (Home Minister Amit Shah) ।
আনহাতে, উক্ত গাড়ী প্ৰদানৰ সিদ্ধান্ত সন্দৰ্ভত বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ প্ৰদান কৰিছে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা । বিৰোধীৰ সমালোচনা সন্দৰ্ভত ৰঙিয়াত এই প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই । তেওঁ বিৰোধীক কটাক্ষ কৰি কয়, আজিকালি গাড়ী ক্ৰয় কৰাত অসুবিধা নাই । জিৰো বেলেঞ্চতো গাড়ী দিয়ে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জিৰো বেলেঞ্চ চলি আছে । পইচা নোহোৱাকৈ একাউণ্ট খুলিব পাৰে আৰু পইচা নোহোৱাকৈ গাড়ী ল'ব পৰা হৈছে । বিৰোধীয়ে সেই কথা নাজানে বাবে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই বুজাই দিয়া বুলিও সংবাদ মাধ্যমৰ আগত তীৰ্যক মন্তব্য কৰে । আনহাতে, বৰ্তমান চৰ্চাত থকা মহা যোগদান সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভৱেশ কলিতাই কয় যে মহা যোগদানৰ অনুষ্ঠানটো এখন ডাঙৰ অনুষ্ঠান হ'ব ।
তাত যোগদানৰ বাবে বিভিন্ন দল-সংগঠন, অৰাজনৈতিক সংগঠন, ছাত্ৰ সংগঠনৰ পৰাও যোগাযোগ চলি আছে বুলি তেওঁ উল্লেখ কৰে । সেই কাৰণে অনুষ্ঠানটো কিছুদিন স্থগিত ৰখা হৈছে বুলি তেওঁ কয় । দিৱালীৰ আগে-পিছে মহা যোগদান অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।
লগতে পঢ়ক :মাজবাট সমষ্টিৰ প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ দেহাৱসান