ETV Bharat / state

ৰঙিয়াত উদ্ধাৰ অচিনাক্ত মৃতদেহ

ততালিকে লোকজনক আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু চিকিৎসা চলি থকাৰ সময়তে মৃত্যু হয় । মৃত লোকজনৰ বয়স ৩৫ ৰ পৰা ৩৭ ৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছে যদিও এতিয়ালৈ  মৃত লোকজন চিনাক্ত হোৱা নাই ।

ৰঙিয়াত উদ্ধাৰ এক অচিনাক্ত মৃতদেহ
author img

By

Published : Jun 11, 2019, 4:50 PM IST

ৰঙিয়া, ১১জুনঃ ৰঙিয়া হাইৱে বাছ আস্থানৰ ওচৰত উদ্ধাৰ পুৰুষৰ এক অচিনাক্ত মৃতদেহ । লোকজনক গাড়ীয়ে খুন্দিয়াই পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ ।

ৰঙিয়াত উদ্ধাৰ এক অচিনাক্ত মৃতদেহ

ৰঙিয়া বৰলীয়া নদীৰ দলঙৰ ওচৰত লোকজনক পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৰাইজে । এই বিষয়ে ৰাইজে অৱগত কৰে আৰক্ষীক । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰে । উল্লেখ্য যে আৰক্ষীয়ে উদ্ধাৰ কৰা সময়লৈকে লোকজন জীৱিত অৱস্থাত আছিল । ততালিকে লোকজনক আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু চিকিৎসা চলি থকাৰ সময়তে মৃত্যু হয় । মৃত লোকজনৰ বয়স ৩৫ ৰ পৰা ৩৭ ৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছে যদিও এতিয়ালৈ মৃত লোকজন চিনাক্ত হোৱা নাই ।

লগতে আন এটা বাতৰি- ডিৰাকত পথ দুৰ্ঘটনাঃ এজন নিহত

Intro:ৰঙিয়াত উদ্ধাৰ অচিনাক্ত মৃতদেহ। দেখিবলৈ জনজাতীয় যেন লগা ব‍্যক্তি গৰাকীৰ আনুমানিক বয়স ৩৫ ৰ পৰা ৩৭ ৰ ভিতৰত।Body:ৰঙিয়াত উদ্ধাৰ হৈছে এক অচিনাকি ব‍্যক্তিৰ মৃতদেহ। ৰঙিয়া হাইৱে বাছ আস্থানৰ ওচৰত উদ্ধাৰ হোৱা ব‍্যক্তিগৰাকীক গাড়ীয়ে খুন্দা মাৰি আহত কৰা বুলি সন্দেহ।দেখাত জনজাতীয় যেন লগা ব‍্যক্তি গৰাকীৰ আনুমানিক বয়স ৩৫ ৰ পৰা ৩৭ ৰ ভিতৰত। ঘটনা অনুসৰি, ৰঙিয়া হাইৱে বাছ আস্থানৰ ওচৰেৰে বোৱা বৰলীয়া নদীৰ দলঙৰ ওচৰত ব‍্যক্তি জনক আহত অৱস্থাত পৰি থকা প্ৰত‍্যক্ষ কৰি স্থানীয় ব‍্যক্তিয়ে আৰক্ষীক খবৰ দিয়ে। সেই সময়ত জিৱিত অৱস্থাত থকা ব‍্যক্তিগৰাকীক আৰক্ষীয়ে ততালিকে প্ৰাথমিক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যায়। কিন্তু প্ৰাথমিক চিকিৎসা চলি থকাৰ মাজতে ব‍্যক্তি গৰাকীৰ মৃত্যু হয়। মৃত ব‍্যক্তিগৰাকীৰ লগত কোনো পৰিচয় পত্ৰ নথকা বাবে তেওঁৰ পৰিচয়ক লৈ আৰক্ষী বিমোৰত পৰিছে।
Bite:- আৰক্ষীConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.