গুৱাহাটী, ১ মেঃ শ্ৰমিক দিৱসৰ দিনাই গুৱাহাটীৰ আমবাৰীত নিজৰ প্ৰাপ্যৰ দাবীত ঠেলাচালক সন্থা ওলাই আহিল ৰাজপথলৈ । চৰকাৰৰ বিৰুদ্ধে প্ৰাপ্যৰ দাবীত প্ৰতিবাদ শ্ৰমিক সকলৰ ।
সমগ্ৰ বিশ্বত উলহ-মালহেৰে উদযাপন শ্ৰমিক দিৱস । কিন্তু গুৱাহাটীৰ ৰাজপথত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য । চৰকাৰৰ বিৰুদ্ধে নিজৰ প্ৰাপ্যৰ দাবীত গুৱাহাটী ঠেলাচালক সন্থাই পালন কৰিলে প্ৰতিবাদ ৷ ৰাজ্য চৰকাৰে শ্ৰমিকক যি দৰে সা- সুবিধা দিব লাগে সেয়া কেতিয়াও দায়িত্ব সহকাৰে নোলোৱাত ক্ষুব্ধ হৈ পৰে শ্ৰমিক সকল । বছৰ বছৰ ধৰি নিজপ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ অহা অভিযোগ শ্ৰমিক সকলৰ । অতি শীঘ্ৰে শ্ৰমিক সকলক উপযুক্ত সা-সুবিধা ব্যৱস্থা কৰিবলৈ চৰকাৰক সকিয়নি প্ৰতিবাদী শ্ৰমিক সকলৰ । অন্যথা জংগী আন্দোলনৰ গঢ়ি তোলাৰ হংকাৰ প্ৰতিবাদী শ্ৰমিক সকলৰ ।
অধিক পঢ়িবলৈ-বিলাসীপাৰাত চক্ৰ বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ