গুৱাহাটী ২৫ মে': অসমত নিৰ্মীয়মান ফৰলেনযুক্ত ঘাইপথৰ প্ৰকল্প । ৪-৫ বছৰতো সম্পূৰ্ণ হোৱাৰ আশা নাই ঘাইপথসমূহ । এই বক্তব্য কেন্দ্ৰীয় পথ পৰিৱহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ । কিন্তু তেনে অৱস্থাত অসমত ৭ খন টোল গেট মুকলি কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কিয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুকলি প্ৰশ্ন উত্থাপন কৰে অসম সংগ্ৰামী মঞ্চই ।
সোমবাৰে এক বিবৃতিত অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে কয়, ২ মাৰ্চত ৰাজ্যসভাত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে প্ৰকাশ কৰিছিল যে ২০১৪ চনতে আৰম্ভ কৰা ডলাবাৰী-জামুগুৰি পথৰ মাত্ৰ ১৩ শতাংশ,২০১৫ চনত আৰম্ভ কৰা নুমলীগড়-যোৰহাট সংযোগী পথৰ ৩৭ শতাংশ, যোৰহাট-জাঁজী পথৰ ৪ শতাংশ কামহে সম্পূৰ্ণ হৈছে ।
এনে অৱস্থাত ইখনৰ পিছত সিখনকৈ টোল গেট মুকলি কৰাৰ তীব্ৰ প্ৰতিবাদ জনাই সংগ্ৰামী মঞ্চই । ভয়ংকৰ আৰ্থিক সংকটৰ মাজত থকা সময়ত আৰু লকডাউনৰ সুযোগ গ্ৰহণ কৰি সোণাপুৰৰ নাজিৰাখাতত অসম্পূৰ্ণ হৈ থকা ফৰলেনৰ ওপৰত টোল গেট মুকলি কৰাটো সম্পূৰ্ণ জনবিৰোধী সিদ্ধান্ত ।
ফুকনে অভিযোগ উত্থাপন কৰি কয় যে, ৰাজ্যৰ পৰিৱহন মন্ত্ৰী গৰাকীৰ মতে হাইৱেৰ মেৰামতিৰ বাবে টোল গেটৰ প্ৰয়োজন আছে । কিন্তু ফৰলেন সমূহ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । লগতে কয়, অন্য ৰাজ্যৰ তুলনাত অসমৰ টোল গেট সমূহত অধিক হাৰত মাছুল সংগ্ৰহ কৰা হৈছে আৰু অসমৰ টোল গেট কেইখনে সংগ্ৰহ কৰা মাছুলৰ মাজত কোনো সামঞ্জস্য নাই । ৰাজ্যৰ জনগনৰ এনে আৰ্থিক অনাটনৰ অৱস্থাত টোল গেট সম্পূৰ্ণ বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সংগ্ৰামী মঞ্চই ।