নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰী : 21’ৰ নিৰ্বাচনত বিজেপি জিকিলে অসমৰ বান সমস্যা নোহোৱা কৰিব ৷ পুৰণিগুদামৰ মহামৃত্য়ুঞ্জয় মন্দিৰ উদ্বোধন কৰি অমিত শ্বাহ উপস্থিত হয় গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত ৷ তাতেই ভাষণ প্ৰসংগত এই কথা উল্লেখ কৰে অমিত শ্বাহে ৷
অমিত শ্বাহে কয়, অসমত নদীৰ সোঁতৰ পৰিৱৰ্তন কৰি পুখুৰী খান্দি পানী জমা কৰা হ’ব আৰু সেই পানী খেতিত ব্যৱহাৰ কৰা হ’ব ৷ উল্লেখ্য যে, পূৰ্বেও ব্ৰহ্মপুত্ৰ খনন আৰু পূজনৰ বাবে প্ৰায় 14 কোটি টকা ক্ষতি কৰি নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ আয়োজন কৰিছিল বিজেপি চৰকাৰে ৷ কিন্তু সেই সময়তো বিজেপি চৰকাৰৰ অহংকাৰ পানীত মিলি গৈছিল ৷
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ব্ৰহ্মপুত্ৰৰ পাৰত তথা উত্তৰ-পূৱত 1300 কিলোমিটাৰ এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণৰ বাবে 40000 কোটি টকা আৱন্টন কৰিছিল ৷ কিন্তু আজিলৈকে কিন্তু এক্সপ্ৰেছ হাইৱে হৈ নুঠিল ৷ গতিকে অমিত শ্বাহে অসমত পুখুৰী খান্দি বান নিয়ন্ত্ৰণ কৰিব বিচৰাটো কিমান দূৰ সম্ভৱ হয় সেইয়া সময়তহে পৰিলক্ষিত হ’ব ৷