ETV Bharat / state

মহানগৰীত বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা - Vishwakarma Puja at Guwahai

ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰা হৈছে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা (Vishwakarma Puja in Assam) ৷ বিগত দুবছৰ ধৰি ক'ভিড সংক্ৰমণৰ বাবে বিভিন্ন বাধ্য-বাধকতাৰ মাজেৰে পূজা উদযাপন কৰা হৈছিল যদিও এইবাৰ মুকলিমূৰীয়াকৈ ৰাজ্যৰ চৌদিশে বিশ্বকৰ্মা পূজা আনুষ্ঠিত হৈছে । ৰাজ্য়ৰ আন ঠাইৰ লগতে মহানগৰীতো এইবাৰ বিশ্বকৰ্মা পূজাৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।

Vishwakarma Temple in Guwahati
মহানগৰীত বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা
author img

By

Published : Sep 17, 2022, 5:20 PM IST

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ:আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা (Vishwakarma Puja in Assam)। নিৰ্মাণ-সৃজনৰ দেৱতা দেৱশিল্পৰ আৰাধনা চলিছে চৌদিশে । বিশ্বকৰ্মাৰ আৰাধনা আৰু জয়ধ্বনিৰে মুখৰিত হৈছে আকাশ-বতাহ । ৰাজ্যৰ প্ৰান্তে প্রান্তে আয়োজন কৰা হৈছে বিধিসম্মত বিশ্বকর্মা পূজা ।

মহানগৰীত বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা

বিগত দুটা বছৰ ধৰি ক'ভিড সংক্ৰমণৰ বাবে বিভিন্ন বাধ্য-বাধকতাৰ মাজেৰে এই পূজা উদযাপন কৰা হৈছিল যদিও এইবাৰ মুকলিমূৰীয়াকৈ ৰাজ্যৰ চৌদিশে বিশ্বকৰ্মা পূজা আনুষ্ঠিত হৈছে । বিশ্বখনিকৰৰ পূজা উপলক্ষে ৰাজ্যৰ কল-কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠান,গেৰেজ, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত ভীষণ ব্যস্ততা পৰিলক্ষিত হৈছে । বিভিন্ন স্থানৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, কল-কাৰখানা আদিত বিশ্বকৰ্মা পূজাৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠিত কৰা হৈছে ।

বিশ্বকৰ্মা পূজাৰ লগত সংগতি ৰাখি বিভিন্ন স্থানত থিয়নাম,নাগাৰা নাম,ধৰ্মীয় গীত-মাত,সাংস্কৃতিক সন্ধিয়া আদি বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হয় । মহানগৰীত এইবাৰ বিশ্বকৰ্মা পূজাৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । অগণন পূজাস্থলীত চলিল দেৱশিল্পী বিশ্বকৰ্মাৰ আৰাধনা ।

ইপিনে,পুৱাৰে পৰা পূজা উপলক্ষে মহানগৰীৰ কামাখ্যা গেটত থকা বিশ্বকৰ্মা মন্দিৰত(Vishwakarma Temple in Guwahati) ভক্তৰ লানি নিছিগা সোঁত বৈছে(Vishwakarma Puja at Guwahai)। ভক্তসকলে সকলোৰে মংগলৰ বাবে ধূপ চাকি জ্বলাই পূজা অৰ্চনা কৰে । উল্লেখ্য় যে শাস্ত্ৰত কোৱা হৈছে,সত্যযুগত বিশ্বকৰ্মাই স্বৰ্গলোক সৃষ্টি কৰিছিল,ত্ৰেতা যুগত সোণৰ লংকা,দ্বাপৰত দ্বাৰকা নগৰ আৰু কলিযুগত হস্তিনাপুৰ আৰু ইন্দ্ৰপ্ৰস্থ সৃষ্টি কৰিছিল ৷

লগতে পঢ়ক:নগাঁও প্ৰেছ ক্লাৱত উদযাপন বিশ্বকৰ্মা পূজা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.