বিৰােধীয়ে যিমানেই মহাজোঁট নকৰক কিয় বিজেপিৰ কোনাে ক্ষতি নহয় : ৰণজিৎ কুমাৰ দাস
হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত বিজেপিৰ যোগদান সভা ৷ বিপিএফ, গণ সুৰক্ষা পাৰ্টীকে ধৰি বিভিন্ন দলৰ প্ৰায় 100 গৰাকী সদস্যৰ গোৰুৱা দলত যোগদান ৷ বিজেপিৰ জনকল্যাণমুখী কাম-কাজৰ প্রতি আকর্ষিত হৈ সমাজৰ বিভিন্ন স্তৰৰ ৰাইজে ভাৰতীয় জনতা পার্টিত যােগদান কৰিছে, যিটো অসমৰ কাৰণে শুভ লক্ষণ বুলি উল্লেখ কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে ৷
২০১৬ চনৰ নিৰ্বাচনত বিজেপিয়ে ব্যৱহাৰ কৰিছিল আশাকৰ্মীক !
সমাগত 21’ৰ বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনী ৰণলৈ কঁকালত টঙালি বান্ধিছে শাসক-বিৰোধী উভয় দলে ৷ তাৰ মাজতে ৰাজ্যৰ চিকিৎসাখণ্ডৰ সৈতে জড়িত আশা কৰ্মী সকলে উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ ৷ ২০১৬ চনৰ নিৰ্বাচনত বিজেপিয়ে আশাকৰ্মী সকলক ব্যৱহাৰ কৰিছিল আৰু আশাকৰ্মীক সাৰথি হিচাপে লৈ নিৰ্বাচনী বৈতৰণী পাৰ হৈছিল বুলি এক গুৰুতৰ অভিযোগ তুলিছে আশা কৰ্মী সন্থাই ।
কেনেকৈ নষ্ট হ’বলৈ পালে শিলচৰলৈ পঠোৱা 1000 ক’ভিড ভেকচিন
শিলচৰ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ চূড়ান্ত কাণ্ডজ্ঞান হীনতা ৷ নষ্ট কৰিলে 1000 ক’ভিড-19ৰ ভেকচিন ৷ প্ৰয়োজনতকৈ 10 গুণ অধিক ভেকচিন পঠিওৱা হৈছিল চিকিৎসালয় খনলৈ ৷
বুঢ়ীদিহিং মৌজাত নিষিদ্ধ হ'ব বিজেপিৰ প্ৰৱেশ !
ডুমডুমাত মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ ফিল'বাৰী আঞ্চলিক সমিতিৰ প্ৰতিবাদ ৷ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বুঢ়ীদিহিং মৌজাৰ বিভিন্ন সমস্য সমাধানৰ দাবীত সংগঠন দুটাৰ প্ৰতিবাদ ৷ বুঢ়ীদিহিং আদৰ্শ মহাবিদ্যালয় স্থাপন, কাকজান-আমগুৰি সংযোগী পথ নিৰ্মাণ, ফিল'বাৰী আদৰ্শ চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসক, যাৱতীয় ঔষধ তথা সা-সৰঞ্জামৰ ব্যৱস্থা কৰাৰ দাবী প্ৰতিবাদকাৰীৰ ৷ সমস্যা সমাধানৰ ব্যৱস্থা নকৰিলে বুঢ়ীদিহিং মৌজাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ ৷
বিহুৰ পূৰ্বেই অসমত নিৰ্বাচনৰ ইংগিত মুখ্য নিৰ্বাচন আয়ুক্তৰ
ৰঙালী বিহুৰ পূৰ্বেই অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা ৷ এই ইংগিত দিছে তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল'বলৈ অহা দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই ৷ নিৰ্বাচনৰ বাবে টীম অসম সাজু বুলি চৰকাৰৰ ফালৰ পৰা আয়োগক জনোৱা হৈছে ৷ প্ৰাৰ্থীসকলে তেওঁলোকৰ বিৰুদ্ধে থকা গোচৰ সম্পৰ্কীয় তথ্য বিজ্ঞাপন যোগে ৰাজহুৱা কৰিব লাগিব বুলি মন্তব্য মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ ৷
অপহৃত অইল কৰ্মচাৰীৰ সোণোৱাল, নিতিশ কুমাৰলৈ আহ্বান
বন্দীত্ব অৱস্থাৰ পৰাই শিৱসাগৰৰ পৰা অপহৃত কুইপ’ তৈল প্ৰতিষ্ঠানৰ কৰ্মচাৰী দুগৰাকীৰ এটি ভিডিঅ’ প্ৰকাশ পাইছে ৷ য’ত দুয়োগৰাকী কৰ্মচাৰীয়ে তেওঁলোক মুকলি কৰি নিয়াৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাইছে ৷
নগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু ৷ ন্যায় বিচাৰি পৰিয়াল সহিতে শতাধিক লোকৰ আৰক্ষী থানা ঘেৰাও ৷ এই ৰহস্যজনক মৃত্যুক হত্যাৰ সন্দেহ আৰু শীঘ্ৰে ইয়াৰ তদন্তৰে দোষীক চিনাক্ত কৰি শাস্তিৰ দাবী জনাইছে পৰিয়ালে ৷
সংখ্যালঘু অধ্যুষিত সমষ্টিত কংগ্ৰেছ,এআইইউডিএফেই জয়ী হ’ব : পীযুষ হাজৰিকা
নগাঁৱত বুধবাৰে উপস্থিত হৈ ৰাজ্যৰ দলসমূহক লৈ মন্তব্য় কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ নৱগঠিত ৰাইজৰ দল আৰু জাতীয় পৰিষদে বিজেপিক কোনো ক্ষতি কৰিব নোৱাৰে বুলি কৈ এই আঞ্চলিক দল দুটাই কেৱল কংগ্ৰেছ-এআইইউডিএফৰহে ক্ষতি কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷
ভূমি পট্টা দি নিজৰ ব্যৰ্থতা ঢাকিব খুজিছে চৰকাৰে : লুৰিণ জ্যোতি গগৈ
যােৱা পাঁচ বছৰত কিমান পৰিয়ালে তেওঁলােকৰ আৱণ্টিত মাটি, একচনীয়া পট্টাৰ মাটি আৰু ম্যাদী পট্টাৰ মাটি গৰাখহনীয়াত হেৰুৱালে আৰু তেনে কিমান পৰিয়ালে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ শাসনকালত মাটিৰ আৱণ্টন পট্টা আদি পালে সেয়া জনাবলৈ প্ৰত্যাহ্বান জনাইছে অসম জাতীয় পৰিষদে । অসমৰ কৃষিভূমি খেতি নকৰা মানুহৰ হাতলৈ হস্তান্তৰ নকৰিবলৈ চৰকাৰক দাবী দলটোৰ ৷
চেন্নাইত মৃত্যু কৰ্মৰত অসমীয়া যুৱকৰ
বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু ৷ জানিব পৰা মতে, চেন্নাইৰ জিকে ৰেষ্টুৰেণ্টত কৰ্মৰত আছিল টুনীৰাম দাস(২৫) নামৰ নাৰায়ণপুৰ আউনীবড়ী গাঁৱৰ যুৱকজন ৷ তাৰ মাজতে মঙলবাৰে নিশা হঠাৎ পৰিয়ালৰ লোকক আত্মহত্যা কৰা বুলি জনায় কৰ্মৰত কোম্পানীৰ কৰ্তৃপক্ষই ৷